২০২১ত কৰ’নামুক্ত হ’ব সমগ্ৰ বিশ্ব

Coronavirus 1

যদি কৰ’না মহামাৰীৰ সময়ত প্ৰায় ৬ মাহ সকলোৱে মাস্ক পৰিধান কৰে তেন্তে কৰ’নাত সংক্ৰমণৰ সংখ্যা হ্ৰাস পাব । কিন্তু দুৰ্ভাগ্যজনকভাৱে মানুহে কথা নুশুনে । শেহতীয়াকৈ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে কৰ’নাৰ সামাজিক সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে মাস্ক পৰিধান কৰাটো প্ৰয়োজন ।

আনহাতে গৱেষণা অনুসৰি বন্ধ ৰূমত সংক্ৰমণ হ’ব পাৰে । আনহাতে সাধাৰণতে আমি সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে ছফুট দূৰত্ব বৰ্তাই ৰাখিব লাগে যদিও হাঁহিলে বা কথা ক’লে প্ৰায় ৯ ফুট দূৰত্ব ৰাখিব লাগে । ইফালে ক’ভিড-১৯ৰ সন্ত্ৰাসৰ লগে লগে এই মহামাৰীৰ কেতিয়া অন্ত পৰিব সেই সম্পৰ্কে বহু চিন্তা চৰ্চা অব্যাহত ৰাখিছে বিজ্ঞানীসকলে ৷

এই সন্দৰ্ভত Asian Institute Of Gastroenterology ৰ অধ্যক্ষ ড° নাগেশ্বৰ ৰেড্ডীয়ে কয় যে জনসাধাৰণে ২০২১ৰ এপ্ৰিল মাহত ভেকচিন লাভ কৰিব ৷ গতিকে অনাগত বৰ্ষত পুনৰ সাধাৰণ জীৱন-যাপন আৰম্ভ কৰাৰ মন্তব্য কৰিছে ড° ৰেড্ডীয়ে ৷

Exit mobile version