NCBৰ পৰা চমন পোৱাৰ পাছতেই গোৱাৰ পৰা মুম্বাইলৈ ছাৰা আলী খান

WhatsApp Image 2020 09 24 at 5.29.18 PM

মাদকদ্ৰব্যৰ লগত জড়িত হোৱাৰ অপৰাধত NCBয়ে চমন জাৰি কৰাৰ পাছতেই আজি মুম্বাইলৈ আহিবলৈ গোৱাৰ বিমানবন্দৰত দেখা গ’ল ছাৰা আলী খানক ৷ বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান তেওঁৰ ছবিসমূহৰ লগতে ষ্টাইল, ড্ৰেচ, সম্পৰ্ক আদি বিভিন্ন ধৰণৰ প্ৰসংগত চৰ্চাত থাকে ।

কিন্তু এইকেইদিন অভিনেত্ৰীগৰাকী চৰ্চাত আছে মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহক লৈ ৷ কাৰণ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ লগত জড়িত মাদকদ্ৰব্যৰ প্ৰসংগত গ্ৰেপ্তাৰ কৰা ৰিয়া চক্ৰৱৰ্তীয়ে লৈছে ছাৰা আলী খানৰ নাম ৷ ৰিয়াৰ মত অনুসৰি মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহত জড়িত আছে ছাৰা ।

ছাৰাৰ লগতে মাদকদ্ৰব্যৰ সেৱনৰ তালিকাত আছে শ্ৰদ্ধা কাপুৰ, ৰাকুল প্ৰীত সিং আৰু দীপিকা পাডুকনৰ ৷ ইতিমধ্যে অভিনেত্ৰীসকললৈ চমন জাৰি কৰিছে NCBয়ে ৷ ইপিনে ছাৰা আলী খানৰ কিছুমান ফ’টো ANIয়ে প্ৰকাশ কৰিছে ৷

ANI ছাৰাৰ দুখনমান ফ’টো শ্বেয়াৰ কৰি লিখে যে “ছাৰা আলী” খান গোৱাৰ পৰা মুম্বাইলৈ ৰাওনা হৈছে । সুশান্ত সিং ৰাজপুতৰ লগত জড়িত মাদকদ্ৰব্য সেৱনৰ সন্দৰ্ভত ২৬ ছেপ্টেম্বৰত NCBয়ে সোধ পোচৰ কৰিব ছাৰাক ।”

উল্লেখযোগ্য যে মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনৰ সন্দৰ্ভত সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীক NCBয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছে বলীউডৰ বহু ৰথী মহাৰথী নাম । NCBয়ে ২৪ ছেপ্টেম্বৰত ৰাকুল প্ৰীত সিং, সুশান্তৰ মেনেজাৰ শ্ৰুতি মোদীক সোধপোছ কৰিব ।

দীপিকা পাডুকন আৰু কৰিশ্মা প্ৰকাশক সোধপোছ কৰিব ২৫ ছেপ্টেম্বৰত, ছাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰক সোধপোছ কৰিব ২৬ ছেপ্টেম্বৰত ।আনহাতে আজি গোৱাৰ পৰা মুম্বাইলৈ অহা ছাৰাক কুলী নম্বাৰ ১ ছবিত দেখিবলৈ পোৱা যাব ।

Exit mobile version