কৃষি আইন বিৰোধীতাৰে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদঃ ছহিদ ন্যাসৰ সমুখত কৃষি আইনৰ প্ৰতিলিপি দাহ

WhatsApp Image 2020 09 25 at 1.25.06 PM

শেহতীয়াকৈ সংসদত সংশোধিত ৰূপত গৃহীত হোৱা কৃষি আইনৰ বিৰোধীতাৰে শুকুৰবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । কৃষিখণ্ডক এচাম পুঁজিপতিক গতাই দি চহা কৃষিজীৱিক ভাতে মৰাৰ চক্ৰান্তত চৰকাৰখনে এইকেইখন আইন প্ৰণয়ন কৰিছে বুলি সংগঠনটোৱে এই আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ADVERTISEMENT

 

আছুৰ মুখ্য কাৰ্যালয় ছহিদ ন্যাসৰ সমুখতো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ মাজেৰে ছাত্ৰ সংগঠনটোৱে কৃষক সমাজৰ স্বাৰ্থৰ পৰিপন্থী এই আইন কেইখনৰ তীব্ৰ বিৰোধিতা কৰি আইনকেইখন বাতিলৰ দাবী উত্থাপন কৰে।

Exit mobile version