‘নৰেন্দ্ৰ মোদীও মোৰ পুত্ৰ’: বিলকিস দাদী

WhatsApp Image 2020 09 25 at 6.06.48 PM

টাইম আলোচনীৰ ‘২০২০ ৰ সকলোতকৈ প্ৰভাৱশালী লোক’ৰ ১০০ জনীয়া তালিকাত নাম অন্তৰ্ভুক্ত হোৱা দিল্লীৰ শ্বাহিনবাগৰ বিলকিস দাদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজৰ পুত্ৰ বুলি কয় । ৮২ বছৰীয়া বৃদ্ধাগৰাকীক চলিত বৰ্ষত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছিল ।

দিল্লীৰ শ্বাহিনবাগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কৰা প্ৰতিবাদে সমগ্ৰ বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । আন প্ৰতিবাদকাৰীৰ লগতে বৃদ্ধাগৰাকীয়ে বৰষুণ আৰু প্ৰখৰ ৰ’দৰ তাপকো নেওচি নিৰ্দিষ্ট ঠাইত একেৰাহে বহি প্ৰতিবাদ সাব্যস্ত কৰিছিল । সন্মুখত গুলিচালনা হৈছিল যদিও উঠি যোৱা নাছিল বৃদ্ধাগৰাকী ।

আনহাতে, বৃদ্ধাগৰাকীৰ ভাষ্যৰ পিছত প্ৰশ্ন কৰা হৈছিল যে, যদি প্ৰধানমন্ত্ৰীয়ে তেওঁক আমন্ত্ৰণ কৰে তেন্তে তেওঁক লগ কৰিবলৈ যাবনে? তাৰ উত্তৰত বৃদ্ধাগৰাকীয়ে কয় যে, “কিয় নাযাম? নিশ্চয় যাম । ইয়াত ভয় কৰিবলগীয়া কি আছে?”

লগতে কয় যে, “মোদী জী মোৰ পুত্ৰৰ নিচিনা । মই তেখেতৰ মাতৃৰ দৰে। যদিও মই তেওঁক জন্ম দিয়া নাই তথাপিও মোৰ ভগ্নীয়ে তেঁওক জন্ম দিছে ।” এই তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনায়।

বলিউদৰ অভিনেতা আয়ুষ্মান খুৰানা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গুগলৰ CEO সুন্দৰ পিচায়, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ডেমক্ৰেটিক উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু প্ৰফেছৰ ৰবীন্দ্ৰ গুপ্তাৰ নাম টাইমৰ আলোচনীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ।

Exit mobile version