পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আঁচনিৰ সজাগতাৰ বৃদ্ধিৰ লক্ষ্যৰে পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে শুকুৰবাৰৰ পৰা আৰম্ভ কৰিছে ২০ দিনীয়া “প্ৰত্যয় যাত্ৰা” শীৰ্ষক এক কাৰ্যসূচী ৷
ৰাজ্যৰ প্ৰতিখন জিলাক সামৰি আৰম্ভ কৰা এই কাৰ্যসূচী আজি পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্য্যালয় সন্মুখৰ পৰা বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে শুভাৰম্ভ কৰে ৷ এই ২০ দিনীয়া প্ৰত্যয় যাত্ৰাই ৰাইজৰ মাজত সজাগতা আনিব বুলি মন্ত্ৰীজনে মত পোষণ কৰে ৷