কৰ’না মহামাৰীৰ সময়ছোৱাত অহা মাহত অনুষ্ঠিত হ’বলগীয়া বিহাৰৰ নিৰ্বাচন হ’ব বিশ্বৰ বৃহত্তম ভোটৰ প্ৰক্ৰিয়া । নিৰ্বাচন আয়োগে নিৰ্বাচনৰ প্ৰচাৰ আৰু ভোটদানৰ সময়ত কৰ’নাৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ বহু পদক্ষেপৰ ঘোষণা কৰিছে । নিৰ্বাচন আয়োগৰ মুখ্য বিষয়া সুনীল আৰোৰাই এই সন্দৰ্ভত কয় যে, ‘এয়া বিশ্ব মহামাৰীৰ এক নতুন সাধাৰণ অংশ।’
ভোটদান প্ৰক্ৰিয়াৰ নিয়মাৱলীসমূহ হ’ল –
■ ভোটদানৰ সময় ১ঘণ্টা বৃদ্ধি কৰা হৈছে। পুৱা ৫ বজাৰ পৰিৱৰ্তে ৭ বজাৰ পৰা বিয়লি ৬ বজালৈ ভোটদান কৰিব পাৰিব।
■ ক’ভিডত আক্ৰান্ত আৰু ভাইৰাছত আক্ৰান্ত লোকে পৃথককৈ ভোট দিব পাৰিব।
■ কোৱাৰেন্টাইনত থকা লোকে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্তিম সময়ছোৱাত ভোটদান কৰিব পাৰিব ।
■ নিৰ্বাচন প্ৰচাৰৰ সময়ছোৱাত শাৰিৰীক যোগাযোগ নিষিদ্ধ কৰা হৈছে।
■ নিৰ্বাচন আয়োগে দূৰত্ব বৰ্তাই ৰাখি জনসমাৱেশৰ বাবে উপলব্ধ স্থানৰ এক তালিকা প্ৰস্তুত কৰিছে।