মৰণত শৰণ দি দুৰ্বল পুৰণা নাৱেৰেই নদীত যাতায়ত

IMG 20200912 WA0023

নগাঁও আৰু মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সকলো ধৰণৰ চৰকাৰী নীতি-নিৰ্দেশনাক উলংঘা কৰি ব্ৰহ্মপুত্ৰৰ বুকুত আজিও চলাচল কৰি আছে শতাধিক সৰু-ডাঙৰ আওপুৰণি যন্ত্ৰচালিত নাও । এই আওপুৰণি যন্ত্ৰচালিত নাও সমূহতেই নিতৌ জিলা দুখনৰ বিভিন্ন চৰ-চাপৰি, নৈ পৰীয়া অঞ্চলৰ শ শ লোকে, গৰু-ম’হ, কৃষিজাত সামগ্ৰী, বিভিন্ন বয়-বস্তু সহ অতি বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে । যিকোনো মূহুৰ্তত এই নাও যাত্ৰী সকলৰ জীৱনলৈ চৰম দুৰ্যোগ নামি আহিব পৰাৰ সম্ভাৱনা থাকে ।

তৎসত্বেও ইয়াৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই সংশ্লিষ্ট জিলা কেইখনৰ প্ৰশাসন, জল পৰিবহন বিভাগ, নাৱৰ লেচী, চালক, পৰিচালক আনকি যাত্ৰী সকলৰো । নগাঁও-মৰিগাঁও জিলা প্ৰশাসন, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দায়িত্বহীনতাৰ বাবেই জিলা দুখনৰ ভিন্ন ঠাইত ব্ৰহ্মপুত্ৰৰ বুকুত আওপুৰণি যন্ত্ৰচালিত নাও সমূহৰ চলাচল সম্ভৱ হৈছে বুলি ৰাইজে অভিযোগ তুলিছে । নগাঁও আৰু মৰিগাঁও জিলাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনস্থ ফেৰী ঘাট কেইটা হৈছে মৈৰাবাৰী, লেৰুৱামুখ, ধিংঘাট আৰু বৰালিমাৰী ঘাট ।

এই ফেৰীঘাট সমূহৰ ভিতৰৰ কেৱল বৰালিমাৰী ঘাটৰ পৰাহে বৰচলা, খাৰুপেটীয়া, গুৱাহাটীলৈ কেইখনমান ফেৰী চলাচল হয় । অৱশ্যে এই ফেৰী ঘাটৰ পৰাও একাংশ যন্ত্ৰ চালিত জল পৰিবহন বিভাগৰ অধীনত ফেৰীৰ সলনি চলাই থকাও পৰিলক্ষিত হৈছে । এই যন্ত্ৰ চালিত নাও সমূহৰ আওপুৰণি আৰু ইয়াৰ বহন ক্ষমতা নিচেই কম হোৱা সত্বেও যাত্ৰীৰ লগতে জীৱ- জন্তু, অন্য সা-সামগ্ৰী কঢ়িয়াই থকা হৈছে । ঠিক একেদৰে মৈৰাবাৰী, লেৰুৱামুখ আদি ফেৰী ঘাটৰ পৰা তেজপুৰ, শিঙৰী, বৰচলা, ঢেকীয়াজুলি, মঙলদৈ আদিলৈ আওপুৰণি যন্ত্ৰ চালিত নাওহে চলাচল কৰি থকা পৰিলক্ষিত হৈছে ।

জল পৰিবহন বিভাগৰ নিৰ্দেশনা অনুসৰি, ব্ৰহ্মপুত্ৰৰ বুকুৰে যাত্ৰীক পাৰ কৰোৱাৰ ক্ষেত্ৰত সবল, বহনক্ষম, সকলোধৰণৰ সা-সুবিধা সমৃদ্ধ চৰকাৰী পঞ্জীয়নভুক্ত ফেৰীহে চলাচল কৰাব লাগে । কিন্তু জল পৰিবহন বিভাগৰ সকলো নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই অধিকাংশ লেচীয়েই নগাঁও আৰু মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ বুকুত দুটা পাৱাৰ পাম্প স্হাপন কৰি স্হানীয় ভাৱে নিৰ্মিত পুৰণি যন্ত্ৰচালিত নাও চলাই যাত্ৰীৰ জীৱনৰ লগত খেলা কৰি আহিছে ।

উল্লেখ্য যে, এই যন্ত্ৰচালিত নাও সমূহৰ অধিকাংশই আওপুৰণি, নিম্নমানদণ্ডৰ কাঠেৰে নিৰ্মিত অতি দুৰ্বল, বিশেষ বহন ক্ষমতা নথকা । এই দুৰ্বল যন্ত্ৰচালিত নাওসমূহৰ পৰিবহন ক্ষমতা নিচেই কম যদিও প্ৰতিখনতে এশ-ডেৰশ যাত্ৰী, গৰু-ম’হ-ছাগলী, বিভিন্ন কৃষি সামগ্ৰী, খেৰ-মজুৱা আদি বোজা কৰি প্ৰতিদিনে অতি বিপদসংকুলযাত্ৰা অব্যাহত ৰাখিছে ব্ৰহ্মপুত্ৰৰ বুকুত । আনহাতে, বিপদসংকুল যাত্ৰা কৰা এই নাওৰ যাত্ৰী সকলৰ পৰা লেচীয়ে অত্যাধিক ভাড়া সংগ্ৰহ কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে । ইপিনে, নগাঁও, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ বিভিন্ন চৰ চাপৰিত বসবাস কৰা হেজাৰ হেজাৰ চৰবাসীৰ লগতে সংশ্লিষ্ট জিলা কেইখনৰ নৈ পৰীয়া অঞ্চলৰ বহু সংখ্যক লোকৰ যাতায়তৰ একমাত্ৰ মাধ্যম আওপুৰণি সৰু সৰু যন্ত্ৰচালিত নাওসমূহ ।

সৰু সৰু নাৱত দহ অশ্বশক্তি সম্পন্ন পাৱাৰ পাম্প(চে’লফিল্টাৰ) স্হাপন কৰি তাকেই পৰিবহনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি অহা হৈছে । এই আওপুৰণি সৰু সৰু যন্ত্ৰচালিত নাও সমূহৰেই চৰবাসীয়ে চৰত উৎপাদিত শাক-পাচলি, বিভিন্ন শষ্য, গৰু, ছাগলী, মজুৱা, খাগৰি, খেৰ, ঝাও গছ আদি প্ৰতি মঙৰবাৰে আৰু শনিবাৰে মৈৰাবাৰী বজাৰলৈ, দেওবাৰ আৰু বৃহস্পতি বাৰে লাহৰিঘাট বজাৰলৈ, অন্য বাৰত ধিং বজাৰ, ভূৰাগাঁও বজাৰ, শিঙৰী বজাৰ, বৰচলা বজাৰ, ঢেকীয়াজুলি বজাৰলৈ লৈ যায় অতি বিপদজনক ভাৱে ।

এই আওপুৰণি সৰু যন্ত্ৰচালিত নাও সমূহত যাত্ৰীৰ লগতে কৃষি সামগ্ৰী, গৰু, ম’হ, ছাগলী, শাক-পাচলি, মজুৱা, খেৰ আদি পান জপাদি জাপি লৈ অনা-নিয়া কৰি থকা হৈছে যদিও এই সন্দৰ্ভত নগাঁও-মৰিগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসন, জল পৰিবহন বিভাগে চকু মুদা কুলিৰ ভাওহে ধৰি অহা পৰিলক্ষিত হৈছে আওপুৰণি আৰু অতি দুৰ্বল যন্ত্ৰচালিত নাৱেৰেই চৰ চাপৰিৰ ৰাইজে ব্ৰহ্মপুত্ৰৰ সুঁতি সমূহৰ উপৰিও ব্ৰহ্মপুত্ৰ নৈৰ ওপৰেৰে চুলিৰ আগত জীউটো লৈ যাতায়ত অব্যাহত ৰাখিছে। তেওঁলোকেও জানে যে এই যাত্ৰাত প্ৰাণ হানিৰ আশংকা অধিক, কিন্তু তেওঁলোক নিৰূপায়।

Exit mobile version