কৰ’না ভেকচিনৰ সন্দৰ্ভত ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ CEO অদাৰ পুনেৱালাৰ চৰকাৰলৈ প্ৰশ্ন

coronavaccine1.v1

ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ CEO অদাৰ পুনেৱালাই শনিবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক বৃহৎ প্ৰশ্ন কৰে চৰকাৰক। অদাৰ পুনেৱালাই চৰকাৰক কৰ’না মহামাৰীৰ লগত যুদ্ধ বা মহামাৰীৰ প্ৰত্যাহ্বানৰ সন্দৰ্ভত মত বিনিময় কৰি চৰকাৰক প্ৰশ্ন কৰে “কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ক’ভিড-১৯ ভেকচিন ক্ৰয় আৰু বিতৰণৰ কাৰণে অনাগত বৰ্ষত ব্যয় কৰিবৰ কাৰণে ৮০,০০০ কোটি টকা আছেনে?”

আদৰ পুনাৱালাই টুইটাৰ জৰিয়তে প্ৰকাশ কৰে “ভাৰত চৰকাৰৰ ওচৰত অনাগত এবছৰত ৮০,০০০কোটি টকা সংগ্ৰহ হ’বনে? কাৰণ ভাৰতত সকলোৰে কাৰণে কৰ’না ভেকচিন ক্ৰয় আৰু বিতৰণ কৰিবৰ কাৰণে স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰণালয়ক ইমান পৰিমাণৰ ধনৰে প্ৰয়োজন” ৷ লগতে পুনাৱালাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ক উদ্দেশ্য কৰি লিখে “এইয়া আমি মুখামুখি হ’ব লগীয়া আহিবলগীয়া প্ৰত্যাহ্বান” ৷

উল্লেখযোগ্য যে পুনেস্থিত ছেৰাম ইনষ্টিটিউটে উৎপাদন কৰা ভেকচিন নিৰ্মাণ কৰা আটাইতকৈ বৃহৎ প্ৰতিষ্ঠান । অদাৰ পুনেৱালা ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ CEOই ৷ অদাৰ পুনেৱালাৰ পিতৃয়ে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ স্থাপন কৰিছিল ১৯৬৬ত । অদাৰ পুনেৱালাই ২০০১ত ছেৰাম ইনষ্টিটিউট অংশ গ্ৰহণ কৰে ৷ আনহাতে ছেৰাম ইনষ্টিটিউটত অৱ ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণৰ দিশত অদাৰৰ অৱদান অসীম ।

Exit mobile version