নতুনকৈ গঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতিত কোন ইন?কোন আউট ?

nadda

বিহাৰ নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিৰ অধ্যক্ষ জে পি নড্ডাই নতুন ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতিৰ নাম ঘোষণা কৰিছে ৷নড্ডাই ১২জন ৰাষ্ট্ৰীয় উপ সভাপতিৰ নাম ঘোষণা কৰিছে ৷ইয়াৰ ভিতৰত আছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং,ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘূবৰ দাস৷তদুপৰি পশ্চিমবংগৰ পৰা মুকুল ৰয় আৰু বিহাৰৰ পৰা ৰাধা মোহন সিঙক ৰাষ্ট্ৰীয় উপ সভাপতি হিছাপে নিযুক্তি দিছে ৷

ADVERTISEMENT

আনহাতে ৰাম মাধৱ,পি মুৰলীধৰ ৰাও,সৰোজ পাণ্ডে আৰু অনিল জৈনক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি দিয়া হয় ।কোষাধ্যক্ষ পদত পীযুষ গোৱেলৰ ঠাইত ৰাজেশ অগ্ৰৱালক নিযুক্তি দিয়া হয়।

উল্লেখযোগ্য যে নড্ডাৰ দলত যুৱ প্ৰজন্মকো অগ্ৰাধিকাৰ দিয়া হৈছে। কৰ্ণাটকৰ সাংসদ তেজস্বী সূৰ্যাক বিজেপিৰ যুৱমৰ্চাৰ প্ৰধান পদৰ দায়িত্ব দিয়া হৈছে। অনিল বলুনী,সঞ্জয় ময়ুখ আৰু ডা° সম্বিত পাত্ৰক দিয়া হৈছে ৰাষ্ট্ৰীয় প্ৰবক্তাৰ দায়িত্ব ।ইয়াৰোপৰি দলটোৱে ২৩জন প্ৰবক্তাৰ তালিকা প্ৰকাশ কৰিছে ৷

Exit mobile version