নৈপৰীয়া জীৱন গাঁথাৰে নির্মিত ছবি “শিপা”ৰ শুভমুক্তি

palashbari1

জাত-পাতৰ উৰ্দ্ধত থাকি দৰিদ্ৰতাৰ মাজতাে যুঁজি যােৱা এগৰাকী অসহায় মহিলাই অৱশেষত জীৱন যুদ্ধত হাৰ মানিবলৈ বাধ্য হ’ল, কিন্তু সকলাে হেৰুওৱাইয়াে ঘাট মাউৰা যুৱকজনে মাকৰ পদাংক অনুসৰণ নকৰি জীৱন যুদ্ধত যুঁজিবলৈ শিকিলে । এনে এক ধনাত্মক বার্তাৰ কাহিনীৰ মাজেৰেই দক্ষিণ কামৰূপৰ নৈপৰীয়া বৃহত্তৰ দলা অঞ্চলৰ কৃষ্টি-সংস্কৃতি, ইতিহাস কিম্বদন্তী, হর্ষ-বিষাদৰ সকলাে দিশ সামৰি নিৰ্মাণ কৰা হৈছে “শিপা”।

কিশােৰ কুমাৰ কলিতাৰ কাহিনী-চিত্রনাট্য আৰু পৰিচালনা, জয়ন্ত দাস জিয়ানৰ ব্যৱস্থাপনা আৰু সহ:পৰিচালনা, বনজিৎ দাস আৰু ৰাজীৱদাসৰ চিত্রগ্রহণ, চাহাব চৌধুৰীৰ সম্পাদনা, স্নিগ্ধা শিখা কে.চি বৰা চৌধুৰীৰ ধাৰাভাষ্য, মানস কমল চৌধুৰীৰ আবহ সংগীতৰে নির্মিত ছবি ‘শিপা’ শুকুৰবাৰে সন্ধিয়া দখল বণিয়াপাৰাত আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া হয় ৷

কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলােকে উক্ত গাওঁখনতেই অনুষ্টুপীয়াকৈ শুভমুক্তি দিয়ে। অনুষ্ঠানত সমাজকর্মী পংকজ লােচন গােস্বামী, দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ সম্পাদক পবিত্র কুমাৰ দাস, কবি-সাহিত্যিক দীনেশ দাস, যুৱ সমাজকর্মী ফুলমণি দাসে উপস্থিত থাকে। আনহাতে, দখলা অঞ্চলৰ নৈপৰীয়া জীৱন গাঁথাৰে অঞ্চলটোৰ পটভূমিত নির্মিত ছবিখনত অভিনয় কৰা সকলাে শিল্পী উক্ত গাঁওখনৰে হােৱাটো অন্য এক মৌলিকতা ।

ভুল-ক্ৰটিৰ মাজেৰেও এইসকল কলা সুলভ নতুন প্রজন্মই ছবি নির্মাণ কৰিবলৈ আগবাঢ়ি অহাটো অন্য এক ধনাত্মক দিশ। অসমৰ ৰাইজে নিশ্চিতভাৱে ‘শিপা’ক আদৰি ল’ব বুলি ভাষণ উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ভাষণৰ প্রসঙ্গত মন্তব্য কৰে । শুভমুক্তিৰ পিছতেই “Shipa Production” নামৰ YouTube চেনেলটোৰ জৰিয়তে ‘শিপা’ ছবিখন অসমৰ ৰাইজে উপভােগ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

Exit mobile version