সন্ত্ৰাসবাদ আৰু নৃগোষ্ঠীও সংহাৰেই পাকিস্তানৰ গৌৰৱ

unnamed 3

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰানখানে শুক্ৰবাৰে ৭৫ সংখ্যক UNGAত কাশ্মীৰৰ প্ৰসংগক উত্থাপন কৰে । এই সময়তে ভাৰতে পাকিস্তানক কটাক্ষ কৰি কয় যে জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ এক অভিন্ন আৰু অবিচ্ছেদ্য অংগ ৷ ইমৰান খানক উদ্দেশ্য কৰি ভাৰতে লগতে কয় যে জম্মু আৰু কাশ্মীৰৰ “নতুন আইন” দেশৰ আভ্যন্তৰীণ বিষয় ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে UNGA ত জম্মু কাশ্মীৰৰ প্ৰসংগক উত্থাপন কৰিছিল ।

ভাৰতে প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভাষণক “এনে কোনো ব্যক্তিৰ ভাষণ বুলি প্ৰতিপন্ন কৰে ৷ যাৰ ওচৰত নিজৰ বুলিবলৈ একো নাই। যাৰ ওচৰত কথা পাতিবলৈও কোনো অনুভৱ নাই লগতে কোনো সমাধানো নাই ।” ইপিনে ইমৰান খানে কয় যে পাকিস্তানে সদায়ে শান্তিপূৰ্ণ সমাধানক অগ্ৰাধিকাৰ দিব বিচাৰে ৷ ইয়াৰ কাৰণে ভাৰতক ২০১৯ ৰ ৫ আগষ্টৰ পৰা আৰম্ভ হোৱা পৰিৱেশ পুনৰ আৰম্ভ কৰিব লাগিব ৷

ভাৰতে ইমৰাণ খানক প্ৰত্যুত্তৰ দি দৃঢ়তাৰে কয় যে পাকিস্তানে বেদখল কৰি থকা সকলো ভূমি মুক্ত কৰি ৰাখিব লাগে ৷ লগতে ভাৰতে পাকিস্তানক কয় “আমি পাকিস্তানক ভাৰতৰ সকলো ভূমি বেদখলমুক্ত কৰিবলৈ আহ্বান কৰিছো ৷”

লগতে ভাৰতে কয় “জম্মু কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ” । এই সন্দৰ্ভত Mijito Vinitoই কয় “২০১৯ ত আমেৰিকাত সাৰ্বজনীনভাৱে আমেৰিকাৰ স্বীকাৰ কৰিছিল যে তেওঁলোকৰ দেশত প্ৰায় ৩০,০০০-৪০,০০০হাজাৰ সন্ত্ৰাসবাদী আছে  ৷ এই সন্ত্ৰাসবাদীসমূহ হৈছে পাকিস্তানত প্ৰশিক্ষণ প্ৰাপ্ত ।

Exit mobile version