এইয়া বাজপেয়ী আৰু বাদল চাহাবৰ সপোনৰ NDAনহয়

harsimrat kaur badal pti

শিৰোমণি অকালী দলৰ নেত্ৰী হৰছিমৰত কৌৰ বাদলে বিবাদিত কৃষি বিধেয়কৰ সন্দৰ্ভত পদত্যাগ কৰাৰ পিছত NDA চৰকাৰক কটাক্ষ কৰিছে ৷ হৰছিমৰত কৌৰে এক টুইট যোগে কয় যে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে যি NDA চৰকাৰৰ পৰিকল্পনা কৰিছিল সেই চৰকাৰ আৰু এতিয়া নাই ।

লগতে তেওঁ কয় “পাঁচ কোটি পঞ্জাৱীৰ দুখ আৰু বিৰোধ প্ৰদৰ্শন ভাৰত চৰকাৰৰ হৃদয়ক গলাব নোৱাৰিলে । এইয়া বাজপেয়ী আৰু বাদল দেৱে পৰিকল্পনা কৰা NDA চৰকাৰ নহয়  ৷” ইপিনে হৰছিমৰত কৌৰৰ এই ভাষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদৰ পৰা পদত্যাগ কৰা এসপ্তাহৰ পাছত আহিছে ৷

বিজেপি চৰকাৰে কৃষি বিধেয়ক আইনত পৰিণত কৰাৰ আলোচনাৰ সময়ত হৰচিমৰত কৌৰ সংসদত উপস্থিত আছিল । সংসদত বিধেয়ক গৃহীত হোৱাৰ পাছত হৰচিমৰত কৌৰে মন্ত্ৰীপৰিষদৰ পৰা পদত্যাগ কৰে আৰু মন্তব্য কৰে যে তেওঁ পঞ্জাৱৰ কৃষক, ভাতৃ, ভগ্নীসকলৰ লগত থাকিব বিচাৰে।

Exit mobile version