প্ৰসংগঃ আৰক্ষীৰ উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত ফাদিল

Screenshot 151

সুদীৰ্ঘ ছদিন অতিক্ৰম কৰাৰ পাছতো অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ বাবে আয়োজিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰৰ মূল অভিযুক্তৰ শুংসূত্ৰ উলিয়াব পৰা নাই তদন্তকাৰী সংস্থাসমূহে ৷ লক্ষ্যণীয়ভাৱে এই সমগ্ৰ ঘটনাত সন্দেহৰ উধ্বৰ্ত নহয় আৰক্ষী নিযুক্ত বৰ্ডৰ স্বয়ং অধ্যক্ষ প্ৰদীপ কুমাৰ ৷ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদ পূৰণৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত মজুত ৰখা ষ্ট্ৰং ৰূমত নিৰাপত্তাক কেন্দ্ৰ কৰিয়ে নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ কুমাৰৰ ভূমিকাক লৈ সৃষ্টি হৈছে সন্দেহৰ।

প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত চোৰাংচোৱা সংস্থাৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, ৰাজ চৰকাৰৰ বিভাগত খালী হৈ থকা পদ পূৰণৰ বাবে দীৰ্ঘদিন ধৰি কৰ্তৃত্ব লাভ কৰি আহিছে অসম আৰক্ষী নিযুক্তি ব’ৰ্ডে ৷ বিভিন্ন বিভাগত সম্পন্ন হৈ থকা নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত হোৱাটো প্ৰদৰ্শনৰ বাবে নিযুক্তি বৰ্ডে ব্যাপক হাৰত আৰক্ষীৰ পৰা লৈ আহিছে প্ৰযুক্তিৰ সহায় ।

সেয়ে সুযোগ পালেই নিযুক্তিৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিৰ সহায় লোৱা বিষয়টো প্ৰায়েই সঠিক স্থানত সঠিক ভাৱে উপস্থাপনত ন্যূনতম কাৰ্পণ্য নকৰে নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ কুমাৰে। নিযুক্তি সম্পৰ্কীয় প্ৰতিটো দিশতে প্ৰযুক্তিৰ সহায় লোৱা নিযুক্তি ব’ৰ্ডে আশ্চৰ্যজনকভাৱে বিভিন্ন বাছনি পৰীক্ষাৰ প্ৰশ্নকাকত মজুত ৰখা ষ্ট্ৰং ৰূমত চি চি কেমেৰা এটাও নাই ।

ইয়াকে লৈ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৱে পৰোক্ষভাৱে হ’লেও নিযুক্তি ব’ৰ্ডৰ স্বয়ং অধ্যক্ষ কুমাৰো জড়িত থকাৰ সন্দেদক নুই কৰা নাই আৰক্ষীয়ে ৷ এনে পৰিপ্ৰেক্ষিতত সম্ভাৱনাৰ সকলো দুৱাৰ খোলা ৰাখি চি আই ডি থানাত ৰজু হৈ থকা ২১/২০২০ নম্বৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে বুলি সূত্ৰটোৱে জনায় ।

Exit mobile version