লুডু খেলৰ বাবেই বিচ্ছিন্ন হ’ল পিতৃ আৰু জীয়েকৰ সম্পৰ্ক

Blue Game Green Child Isolated Ludo Board Dice 3760663

কৰ’না মহামাৰীৰ সময়ছোৱাত বিশেষকৈ ভাৰতীয় পৰিয়ালসমূহৰ মাজত সময় কটোৱাৰ এক মাধ্যম হৈ পৰিছিল অনলাইন গেম বা ইনড’ৰ গেমবোৰ । ইয়াৰ ভিতৰত অন্যতম জনপ্ৰিয় আৰু সহজ খেল হৈছে লুডু। ব্যাপক জনপ্ৰিয় মাল্টিপ্লেয়াৰৰ লুডু গেমটি অনলাইনত উপলব্ধ হোৱাৰ হেতুকে ঘৰতে বহি আজৰি সময়ত আমোদ লাভ কৰিব পাৰে সকলোৱে । কিন্তু এই সাধাৰণ গেমটিৰ বাবেই ঘটিল অঘটন ।

গেমটিত দেউতাকৰ পৰা পোৱা প্ৰতাৰণাৰ অভিযোগত মধ্য প্ৰদেশৰ ২৪ বছৰীয়া এগৰাকী মহিলাই ভূপালৰ পাৰিবাৰিক আদালতত দেউতাকৰ বিৰুদ্ধে গোচৰ তৰে । এই ঘটনাৰ পাছতে মহিলাগৰাকীয়ে দেউতাকৰ স’তে সকলো সম্পৰ্ক বিচ্ছেদ কৰিব বিচাৰে ।

মহিলাগৰাকীয়ে কয় যে, এই গেমটো খেলাৰ পাছত দেউতাকৰ প্ৰতি থকা সকলো সন্মান শেষ হৈ যায় । লুডু গেমটোত মহিলাগৰাকীয়ে নিজৰ ভাতৃ-ভগ্নী আৰু পিতৃৰ লগত খেলিছিল । খেল চলি থকাৰ সময়তে পিতৃয়ে মহিলাগৰাকীৰ টোকেনক খাই দিছিল । লগতে উল্লেখ কৰে যে, তাইৰ সুখৰ বাবে গেমটোত দেউতাকে হাৰি দিব বুলি আশা কৰিছিল ।

প্ৰকৃততে মহিলাগৰাকীয়ে দেউতাকৰ ওপৰত বহু বেছি বিশ্বাস কৰিছিল আৰু এনে কৰিব বুলি আশা কৰা নাছিল । মহিলাগৰাকীৰ স’তে এই সন্দৰ্ভত ৪ বাৰকৈ কাউন্সিলিং চেচনত আলোচনা কৰিব বুলি জনায় কাউন্সিলৰ চৰিতাই । আচৰিতজনক এই ঘটনাটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়ায় ।

আনহাতে, এই মহামাৰীৰ সময়ছোৱাতে আন এক আচৰিতজনক ঘটনা সংঘটিত হৈছিল পাঞ্জাৱত । পাঞ্জাৱৰ এজন যুৱকে পাবজি গেমত আসক্ত হৈ ভাৰ্চুৱেল এমিউনিশ্ব্যন কিনিবৰ বাবে দেউতাকৰ অজ্ঞাতে একাউন্টৰ পৰা ১৬ লাখ টকা খৰছ কৰিছিল। ১৭ বছৰীয়া যুৱকজনে অনলাইন ক্লাছ কৰিবৰ বাবে দেউতাকৰ ম’বাইল লৈছিল আৰু তাৰ জৰিয়তে বেংক একাউন্ট ব্যৱহাৰ কৰি ক্ৰয় কৰিছিল।

Exit mobile version