অথলে গ’ল কৃষকৰ প্ৰতিবাদ

WhatsApp Image 2020 09 28 at 11.36.01 AM

কৃষকৰ হৃদয়ৰ ভাষা নুশুনিলে NDA চৰকাৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত তিনিখন  কৃষি বিধেয়কত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে হস্তাক্ষৰ কৰাৰ পাছতেই পৰিণত হ’ল আইনলৈ ৷ এই কৃষি বিধেয়কক লৈ সংসদত সৃষ্টি হৈছিল আন এখন যুদ্ধৰ ৷ যাৰ কাৰণে সংসদৰ পৰা নিলম্বিত হ’ব লগাত পৰিছিল ৮ জনকৈ সাংসদ ৷ লগতে কৃষি বিধেয়কৰ কাৰণে কা’ আন্দোলন সদৃশ পৰিবেশ সৃষ্টি হৈছিল দেশত ৷

কৰ’না ভাইৰাছকো উপেক্ষা কৰি হাজাৰ হাজাৰ কৃষক ওলাই আহিছিল ৰাজপথলৈ ৷ অৱৰোধ কৰিছিল ৰেল । লগতে কৃষি বিধেয়ক ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে NDA ৰ পৰা বিভাজন হয় শিৰোমণি আকালি দল । বহু কেইজন কংগ্ৰেছৰ লগতে অন্যান্য দলৰ নেতাই এই বিধেয়কে গণতন্ত্ৰৰ হত্যা কৰিছে বুলি ৰাষ্ট্ৰপতিলৈ পত্ৰও প্ৰেৰণ কৰিছিল ।

দেশৰ লগতে অসমত চলিছিল কৃষি বিধেয়কৰ ডিজিটেল প্ৰতিবাদ ৷ লগতে চিত্ৰকৰে  ৰঙ তুলিকাৰে বুজাই দিছিল কৃষক মনৰ ভাষা ৷ কিন্তু নাচোৰবান্দা কেন্দ্ৰীয় চৰকাৰক বুজাব কোনে ? উল্লেখ্য যে কৃষি বিধেয়ক কেইখনে এতিয়াৰে পৰা কৃষকৰ উৎপাদিত শস্য পোনপটীয়াকৈ বনিক গোষ্ঠীয়ে ক্ৰয় কৰি লোৱাৰ বাট সুগম কৰিলে ।

কৃষি বিধেয়কৰ ফলশ্ৰুতিত দেশৰ পৰা মাণ্ডি ব্যৱস্থা এক প্ৰকাৰ উঠি যাব আৰু তাৰ ঠাইত কৃষকৰ উৎপাদিত ফচল বিপণনৰ অধিকাৰ লাভ কৰিব বেচৰকাৰী কোম্পানীয়ে।

Exit mobile version