- আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী চিবি আইক তদন্তৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।
- কেলেংকাৰীৰ অভিকেন্দ্ৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়- কেশৱ ধাম- দিছপুৰ ।
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তদন্তৰ আওতালৈ অনাৰ দাবী।
- চৰকাৰ আৰু আৰএছএছে মিলি নিজৰ মানুহ নিযুক্তি দিবলৈ কেলেংকাৰী সংঘটিত কৰিছে।
- প্ৰাঞ্জল বৰুৱা এপিডিচিএল, জনসংযোগৰ নিযুক্তি, জলসিঞ্চনৰ নিযুক্তি কেলেংকাৰীত জড়িত।
- চিবিআইয় তদন্ত নকৰিলে অন্য কেলেংকাৰীৰ দৰেই এই কেলেংকাৰীৰ প্ৰকৃত তদন্ত নহ’ব।
- সৰ্বানন্দ সোণোৱালে প্ৰতিশোধৰ বাবে অখিল গগৈৰ ওপৰত মানসিক নিৰ্যাতন চলাইছে ।
- অখিল গগৈয়ে এই কেলেংকাৰীৰ ক্ষেত্ৰত মন্তব্য প্ৰদান কৰিছিল।
- কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট মত, ‘সৰ্বানন্দ সোণোৱাল ব্যৰ্থ মুখ্যমন্ত্ৰী, অকৰ্মণ্য মুখ্যমন্ত্ৰী আৰু অদক্ষ মুখ্যমন্ত্ৰী’ । অখিল গগৈয়েও অপদাৰ্থ মুখ্যমন্ত্ৰী আখ্যা দিছে সৰ্বানন্দ সোণোৱালক।
- চৰকাৰে মুখ্যমন্ত্ৰীক ৰক্ষণা-বেক্ষণ দিছে, কেলেংকাৰীত মুখ্যমন্ত্ৰী জড়িত হোৱাৰ অভিযোগ ।
- এই কেলেংকাৰীত বিজেপি চৰকাৰ পোনপটীয়াকৈ যে জড়িত সেইয়া ধ্ৰুৱ সত্য বুলি মন্তব্য কৃষকমুক্তি সংগ্ৰাম সমিতিৰ।