কৃষি বিধেয়কক লৈ অব্যাহত আছে প্ৰতিবাদ

WhatsApp Image 2020 09 28 at 1.34.22 PM

দেওবাৰে ৰাষ্ট্ৰপতি ৰামনাথ ক’ৱিন্দে কৃষি বিধেয়কত হস্তাক্ষৰ কৰিলে ৷ ইয়াৰ লগে লগে আইনত পৰিণত হ’ল কৃষি বিধেয়ক । আনহাতে সোমবাৰে পুৱা দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত এই আইনৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে প্ৰতিবাদকাৰীসকল । প্ৰতিবাদ চলি থকাৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে ইণ্ডিয়া গেটৰ ওচৰত এখন ট্ৰেক্টৰ জ্বলাই দি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ।

ইয়াৰ পাছতে  ঘটনাস্থলীত ট্ৰেফিক আৰক্ষী আৰু অগ্নিনৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । ইপিনে দিল্লী আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে অভিযান চলাইছে ।

উল্লেখ্য যে কৃষি বিধেয়কক লৈ সংসদত সৃষ্টি হৈছিল আন এখন যুদ্ধৰ ৷ যাৰ কাৰণে সংসদৰ পৰা নিলম্বিত হ’ব লগাত পৰিছিল ৮ জনকৈ সাংসদ ৷ লগতে কৃষি বিধেয়কৰ কাৰণে কা’ আন্দোলন সদৃশ পৰিবেশ সৃষ্টি হৈছিল দেশত ৷ কৰ’না ভাইৰাছকো উপেক্ষা কৰি হাজাৰ হাজাৰ কৃষক ওলাই আহিছিল ৰাজপথলৈ, অৱৰোধ কৰিছিল ৰেল ।

লগতে কৃষি বিধেয়ক ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA ৰ পৰা বিভাজন হয় শিৰোমণি আকালি দল। বহু কেইজন কংগ্ৰেছৰ লগতে অন্যান্য দলৰ নেতাই এই বিধেয়কে গণতন্ত্ৰৰ হত্যা কৰিছে বুলি ৰাষ্ট্ৰপতিলৈ পত্ৰও প্ৰেৰণ কৰিছিল ।

দেশৰ লগতে অসমত চলিছিল কৃষি বিধেয়কৰ ডিজিটেল প্ৰতিবাদ ৷ লগতে চিত্ৰকৰে  ৰঙ তুলিকাৰে বুজাই দিছিল কৃষক মনৰ ভাষা ৷ কিন্তু নাচোৰবান্দা কেন্দ্ৰীয় চৰকাৰক বুজাব কোনে ?

উল্লেখ্য যে কৃষি বিধেয়ক কেইখনে এতিয়াৰে পৰা কৃষকৰ উৎপাদিত শস্য পোনপটীয়াকৈ বনিক গোষ্ঠীয়ে ক্ৰয় কৰি লোৱাৰ বাট সুগম কৰিলে। কৃষি বিধেয়কৰ ফলশ্ৰুতিত দেশৰ পৰা মাণ্ডি ব্যৱস্থা এক প্ৰকাৰ উঠি যাব আৰু তাৰ ঠাইত কৃষকৰ উৎপাদিত ফচল বিপণনৰ অধিকাৰ লাভ কৰিব বেচৰকাৰী কোম্পানীয়ে।

Exit mobile version