ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ স’তে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ

Denmark India summit

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ডেনমাৰ্ক ডিজিটেল শেখৰ সন্মিলনত সময়ত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ লগত মত বিনিময় কৰে ৷আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ বিবাহৰ শুভকামনা দিয়ে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয়”মই আপোনাক বিবাহৰ শুভেচ্ছা জনাইছো ৷ক’ভিডৰ পৰিস্থিতি সুস্থিৰ হ’লেই আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ভাৰতলৈ স্বাগতম জনোৱাৰ সৌভাগ্য হ’ব ৷”

প্ৰধানমন্ত্ৰীয়ে লগতে কয় “মই আশা কৰিছো আপোনাৰ জীয়ৰী পুনৰ ভাৰতলৈ আহিবলৈ উৎসুক হ’ব ৷”

ইয়াৰ পাছতেই ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফেড্ৰিকশ্যনে কয় “শুভেচ্ছা কাৰণে ধন্যবাদ ।মোৰ জীয়ৰী পুনৰ ভাৰতলৈ আহিব “৷

আনহাতে মোদীয়ে ডেনমাৰ্কত কৰ’নাই সৃষ্টি কৰা পৰিস্থিতিক দুখঃজনক আখ্যা দিয়ে ৷লগতে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বক শলাগ লয় ।

মোদীয়ে কয় “বিগত সময়ত হোৱা কথা বাৰ্তাত আমাৰ ভাৰত আৰু ডেনমাৰ্কৰ মাজত সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত মত বিনিময় হৈছে ৷এইয়া সুখৰ বিষয় যে আজি আমি এই ভাৰ্চুৱেল কমিটিৰ জৰিয়তে নতুন দিগন্তৰ সন্দৰ্ভত মত বিনিময় কৰিছো ৷

Exit mobile version