তেজত অক্সিজেনৰ মাত্ৰা কমি গ’লে কি কৰিব ?

How Blood Carries

শৰীৰৰ সকলো অংগই সুচাৰুৰূপে কাম কৰিবলৈ অক্সিজেনৰ আৱশ্যক।তেজৰ সহায়তে এই অক্সিজেন শৰীৰৰ বিভিন্ন অংগলৈ চলাচল কৰে । তেজত যদি অক্সিজেনৰ পৰিমাণ কমি যায় তেতিয়াহ’লে শৰীৰৰ বিভিন্ন অংগৰ বিকাশৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰে ।ফলত শৰীৰত বিভিন্ন ৰোগৰ সমস্যাৰ সৃষ্টি হয় ।

গতিকে খাদ্যভ্যাসৰ জৰিয়তে অথবা আমাৰ দৈনন্দিন জীৱন-ধাৰণৰ তালিকা খন কিছু সাল-সলনি কৰি এই সমস্যা দূৰ কৰিব পাৰি।
তেজত অক্সিজেনৰ মাত্ৰা বঢ়াবলৈ কি কি কৰিব লাগে তলত উল্লেখ কৰা হ’ল –

1.মুক্তভাৱে বিশুদ্ধ বতাহে সেৱনে শৰীৰৰ ভিতৰত অক্সিজেনৰ মাত্ৰা বঢ়ায়। ঘৰৰ কোঠাৰ ভিতৰত যাতে অতি সহজে বায়ুৰ চলাচল কৰিব পাৰে তাৰ প্ৰতি ধ্যান দিব । কিন্তু গাঁও অঞ্চলতকৈ চহৰৰ অঞ্চলত কল-কাৰখানা, যান-বাহনৰ পৰা ওলোৱা ধোঁৱাৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি হয় ।গতিকে চহৰত বাস কৰা লোকসকলে ‘indoor air filtration system’ ব্যৱহাৰ কৰি বিশুদ্ধ বায়ু সেৱন কৰিব পাৰে ।কিন্ত ‘electronic air purifier’ ব্যৱহাৰ কৰা সময়ত সাৱধান হ’ব ।কাৰণ ‘ electronic air purifier’ য়ে অজ’ন ৰ উৎপাদন কৰে যিয়ে হাওঁফাওঁৰ পুৰণিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

২.ঘৰৰ চৌপাশ সেউজীয়া কৰি তোলাৰ লগতে ঘৰৰ ভিতৰতো গছপুলি ৰখাৰ ব্যৱস্থা কৰক ।ইয়াৰ ফলত কোঠাৰ ভিতৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ’ব ।ঢেঁকীয়া জাতীয় উদ্ভিদে প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰে ।আনহাতে এই ধৰণৰ উদ্ভিদ বৃদ্ধি হ’বলৈ বেছি ৰ’দৰ প্ৰয়োজন নহয় ।

৩.দৈনিক ব্যায়াম কৰাটো অভ্যাস কৰক ।প্রাণায়াম কৰক ।ইয়াৰ ফলত হাওঁফাওঁয়ে অধিক অক্সিজেন গ্ৰহণ কৰিব পাৰে ।

৪. দৈনিক ‘মেডিটেচন ‘ কৰাৰ অভ্যাস গঢ়ি তোলক ।প্ৰতিদিনে পাঁচৰ পৰা দহ মিনিট ‘মেডিটেচন’ কৰক। ইয়ে আপোনাৰ শৰীৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰিব লগতে মনটো শান্ত কৰি তুলিব ।

৫.সতেজ,আয়ৰণযুক্ত আহাৰ গ্ৰহণ কৰক ।এই ধৰণৰ খাদ্যই তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে । ইয়াৰ বাবে মাছ -মাংস ,সতেজ ফল-মূল, প্ৰচুৰ পৰিমাণে সেউজীয়া শাক -পাচলি গ্ৰহণ কৰক ।
এই খাদ্যই আপোনাৰ শৰীৰত আয়ৰণৰ অভাৱ দূৰ কৰিব লগতে তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰিব ।

Exit mobile version