থেংক ইউ লজত ১০০ নম্বৰৰ প্ৰশ্নৰ অনুশীলন কৰোৱা হৈছিল

ৰাজ্য কঁপাই যোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই জোঁকাৰি গৈছে নলবাৰী জিলাক। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত ইজনৰ পাছত সিজনকৈ লোক আটক হৈছে নলবাৰীত ।এই কাণ্ডৰ অন্যতম অভিযুক্ত কুলদ্বীপ ৰাজবংশীক গ্ৰেপ্তাৰৰ পাছত জিলাখনৰ বিভিন্ন প্ৰান্তত তিনিজন আৰু আন দুজন পৰীক্ষাৰ্থীক আটক কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে আটকাধীন ৰাজবংশীৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰা প্ৰাৰ্থী কেইজন হৈছে ক্ৰমে টিহুৰ মাখিবাহাৰ মৃদুল বৰ্মন আৰু প্ৰাৰ্থীপ্ৰতীম পাঠক, বেলশৰৰ সঞ্জীৱ বৰ্মন,কমলপুৰৰ ধ্ৰুৱজ্যোতি বৰুৱা আৰু মুকালমুৱাৰ ব্ৰহ্মপুত্ৰ ভাঙনমাৰী চৰৰ হৰকত আলী ৷

উল্লেখযোগ্য যে আটকাধীন কেইজনে এছ আইৰ পৰীক্ষাৰ আগদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰত গুৱাহাটীৰ থেংক ইউ ল’জত আয়োজিত পৰীক্ষাৰ অনুশীলনত অৱতীৰ্ণ হৈছিল । পুৱা সাত বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ তেওঁলোকে এই পৰীক্ষাত বহিছিল । তদুপৰি প্ৰাৰ্থীকেইজনক ১০০ নম্বৰৰ প্ৰশ্ন দিয়া হৈছিল। প্ৰতিটো গ্ৰুপত ৫০ জনকৈ প্ৰাৰ্থীক বহিবলৈ দি প্ৰজেক্টৰ জৰিয়তে নিৰ্দিষ্ট প্ৰশ্নসমূহ দিয়া হৈছিল ৷ তথ্য মতে এই পৰীক্ষাৰ বাবে আগধন নিদিয়া পৰীক্ষাৰ্থীক থেংক ইউ লজত বহিব দিয়া হোৱা নাছিল ৷

এক বিশেষ সূত্ৰই সদৰী কৰা অনুসৰি টিহুৰ মৃদুল আৰু প্ৰাৰ্থপ্ৰতীম আগধনৰূপে ২.৫ আৰু ১.৫ লাখকৈ টকা দিছিল। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা নাই । ইপিনে এই সমগ্ৰ বিষয়টোত জড়িত হৈ পৰা কুমুদ গোস্বামীক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই । অদ্যাপি পলাতক অৱস্থাত আছে৷গোস্বামী ৷

আনহাতে আটকাধীন কেইজনক নলবাৰী সদৰ থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।এছ আই পদৰ প্ৰশ্নকাকত কেলেংকাৰিত নলবাৰীৰ কে’বাজনো লোক আটক হোৱালৈ লক্ষ্য কৰি ইয়াৰ প্ৰশ্নকাকত ফাদিল জিলাখনৰ পৰাই হৈছিল নেকি বুলি চৰ্চা লাভ কৰিছে।

Exit mobile version