বলীউডৰ সুৰ সাম্ৰাজ্ঞী লতা মংগেশকাৰলৈ জন্মদিনৰ অলেখ শুভেচ্ছা

lata mangeshkar

Singer Lata Mangeshkar laughs at the launch of her hindi music album 'Saadgi' or Simplicity, on World Music Day, in Mumbai, India, Thursday, June 21, 2007. Mangeshkar has released a music album after a gap of 17 years. (AP Photo/Rajesh Nirgude)

আজি সুৰ সাম্ৰজ্ঞী তথা বলীউডৰ চিৰ সেউজ গায়িকা লতা মংগেশকাৰৰ জন্ম দিন ৷প্ৰথমতে বলীউডৰ কণ্ঠশিল্পী গৰাকীলৈ জন্মদিনৰ অলেখ শুভেচ্ছা ।১৯২৯ ৰ ২৮ ছেপ্টেম্বৰ আজিৰ দিনটোত জন্ম গ্ৰহণ কৰিছিল লতা মংগেশকাৰে৷

পিতৃ দীননাথ মংগেশকাৰৰ বাসগৃহত জন্ম হোৱা লতা মংগেশকাৰ পাঁচ গৰাকী ভ্ৰাতৃ ভগ্নীৰ ভিতৰত আছিল সকলোতকৈ জ্যেষ্ঠ। আজি বলীউডৰ দিদী লতা মংগেশকাৰৰ জন্মদিনত ছবিজগতৰ বহু অভিনেতা অভিনেত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভেচ্ছা জনাইছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে লতা মংগেশকাৰক শুভেচ্ছা জ্ঞাপন কৰি কয়”মৰমৰ লতা দিদীৰ লগত কথা পাতিলো আৰু তেওঁক জন্ম দিনক শুভেচ্ছা জনালো। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো ৷

লতা দিদী দেশৰ অতিকৈ চিনাকী নাম ৷মই নিজকে সৌভাগ্যশালী বুলি ভাবো কাৰণ মই সদায়েই তেওঁৰ মৰম আৰু আৰ্শীবাদ লাভ কৰি আহিছো।”’ ইপিনে ইয়াৰে পূৰ্বে ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটো লতা মংগেশকাৰে শুভেচ্ছা জনাইছিল।

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজিৰ লতা মংগেশকাৰৰ বিশষ দিনটোত শুভেচ্ছা জ্ঞাপন কৰে ৷”সুৰ,সংস্কাৰ আৰু অদ্ভুত সংগমৰ সংমিশ্ৰণ লতা মংগেশকাৰলৈ জন্মদিনৰ অলেখ শুভেচ্ছা। আপুনি সুস্থ আৰু দীৰ্ঘায়ু হওক ৷” এনেদেৰে টুইট কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ৷

আনহাতে অভিনেত্ৰী কংগনা ৰ’ণৌটে ছ’চিয়েল মিডিয়া যোগে লিখে “মহান লতা মংগেশকাৰ জী লৈ জন্মদিনৰ বহুত শুভেচ্ছা ।” লগতে কংগনাই লতা মংগেশকাৰক কৰ্মযোগী বুলিও মন্তব্য কৰে ৷

কণ্ঠশিল্পী আৰু সংগীত পৰিচালক শংকৰ মহাদেৱনে লতা মংগেশকাৰক উদ্দেশ্য কৰি লিখে যে” মা সৰস্বতীক জন্মদিনৰ বহুত শুভেচ্ছা ৷”

উল্লেখযোগ্য যে বলীউডৰ বহু ছবিত গীত গাইছে কণ্ঠশিল্পী লতা মংগেশকাৰে ৷কিন্তু লতা দিদীৰ কিছুমান গীত সংগীত প্ৰেমীৰ হৃদয়ত সদায়েই থাকিব ৷বলীউডৰ বহু নতুন প্ৰজন্মৰ অভিনেত্ৰীৰ ছবিৰ গীতত কণ্ঠ নিগৰাইছে লতা মংগেশকাৰে।

লতা দিদীৰ কিশোৰ কুমাৰৰ লগত গীতবোৰ আজিও জনপ্ৰিয়।গতিকে এনেকৈয়ে অনাগত দিনটো সুন্দৰ গীতেৰে সংগীত প্ৰেমীৰ হৃদয়ত জুৰাই থাকিব লতা মংগেশকাৰে ।

Exit mobile version