বোকাজানৰ অসম নগালেণ্ড সীমান্তত ৩০ কোটি টকাৰ হেৰ’ইন জব্দ

WhatsApp Image 2020 09 28 at 11.43.53 AM

উপৰ্যুপৰি হেৰ’ইন আৰু ব্ৰাউন ছুগাৰ জব্দৰে অভিলেখ গঢ়িছে কাৰ্বি আংলং আৰক্ষীয়ে ৷ বিগত ৬ টা মাহত কাৰ্বি আংলংৰ খটখটী আৰু ডিলাই থানাৰ অভিযানত ৮ কিলোৰো অধিক হেৰ’ইন জব্দ কৰিছে, যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৫০ কোটিৰো অধিক ৷

আজি পুৱাৰ ভাগত পুনৰ ডিলাই থানাৰ অন্তৰ্গত লাহৰীজান সীমান্ত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্বল গগৈৰ নেতৃত্বত চলা এক অভিযানত পাঁচ কেজি ওজনৰ নিষিদ্ধ হেৰইন জব্দ কৰে যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৩০ কোটি বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, এছ.এছ.০১কে.চি ৪৯৫১ নম্বৰৰ এখন ট্ৰাক মণিপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত গোপন খবৰৰ ভিত্তিত পুৰণা লাহৰীজানৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত তালচী চলাই উক্ত বৃহৎ পৰিমাণৰ হেৰ’ইন খিনি জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক যোগীঘোপাৰ ইছমাইল আলিক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে চালকজনৰ পৰা আৰক্ষীয়ে নগদ পঞ্চাশ হজাৰ টকাও জব্দ কৰে ৷ ট্ৰাকখনৰ কেবিনত ১০টা টোপোলাত আনিছিল এই ড্ৰাগছ খিনি ৷ ইপিনে একেটা ৰাষ্ট্ৰীয় ঘাইপথতে কাৰ্বি আংলংৰ মাঞ্জা আৰক্ষীয়ে বিগত সময়ত কোটি কোটি টকাৰ হেৰ’ইন আৰু অন্যান্য নিষিদ্ধ ড্ৰাগছ জব্দ কৰি আহিছে ৷

Exit mobile version