ভাৰতে ক’ভিড-১৯ ৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা আহৰণৰ ক্ষেত্রত বহু দূৰত আছে : ড° হৰ্ষ বর্ধন

Harsh Vardhan 1200

ভাৰতৰ জনসংখ্যাই ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা আহৰণ কৰাৰ ক্ষেত্রত বহু দূৰত আছে । শনিবাৰে আইচিএমআৰৰ দ্বিতীয়টো Sero Survey ত এনেদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী ড° হৰ্ষ বর্ধনে । আনহাতে, ছ’চিয়েল মিডিয়াত তেঁওৰ অনুৰাগীসকলক মহামাৰী আৰু অন্যান্য মূল বিষয় সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ।

আইচিএমআৰৰ দ্বাৰা অনুষ্ঠিত কৰা অপ্ৰকাশিত দ্বিতীয়টো Sero Surveyৰ উদ্ধৃতি দিয়াৰ সময়ত মন্ত্রীগৰাকীয়ে কয় যে, তেওঁ এই মাহৰ আৰম্ভণিতে সংসদত ভেকচিনৰ প্ৰসংগ উত্থাপন কৰিছিল । লগতে ভেকচিন উপলব্ধ নোহোৱা পর্যন্ত জনসাধাৰণক ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় আৰু মাস্ক পৰিধান কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু ইয়াক উপাসনাস্থলীতো পৰিধান কৰা উচিত বুলি উল্লেখ কৰে ।

‘Sunday Samvad’ত ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ স’তে হোৱা কথাবার্তাত এই সন্দৰ্ভত ব্যক্ত কৰে ড° হৰ্ষ বর্ধনে । আনহাতে, চলিত মাহৰ মে’ মাহত প্ৰকাশিত প্রথমটো Sero Surveyত প্ৰকাশ কৰিছিল যে, দেশব্যাপি ক’ভিড-১৯ ৰ প্ৰসাৰ মাত্ৰ ০.৭৩ শতাংশ।

Exit mobile version