ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ পুনৰ গঠন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

Sarbananda Sonowal Contact Details

সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে আৰক্ষী বিভাগৰ উপ পৰিদৰ্শকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ স্বাৰ্থত আজি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ পুনৰ গঠন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া প্ৰদীপ কুমাৰৰ পদত্যাগৰ পাছতে মুখ্যমন্ত্ৰী সোনোৱালে এই ব’ৰ্ডৰ অধ্যক্ষ দায়িত্ব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক অৰ্পণ কৰিছে ।

ADVERTISEMENT

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হাৰমিৎ সিঙক সদস্য সচিব,অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণই আৰু আৰক্ষী মহাপৰিদৰ্শক হীৰেন নাথক এই বৰ্ডৰ সদস্যৰ দায়িত্ব অৰ্পন কৰা হৈছে ।অহা ৬ নৱেম্বৰৰ ভিতৰত আৰক্ষী উপ পৰিদৰ্শকৰ নিযুক্তিৰ পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নতুনকৈ গঠন কৰা ব’ৰ্ডক নিৰ্দেশ দিয়ে ।

সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে এই পৰীক্ষাত কোনো যাতে বিসংগতি নহয় সেয়া নিশ্চিত কৰিবলৈও ব’ৰ্ডক মুখ্যমন্ত্ৰী সোণোৱালে নিৰ্দেশ দিছে।

Exit mobile version