UPSCৰ পৰীক্ষা বাতিল কৰাটো অসম্ভৱ

SupremeCourtofIndia

সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ অৰ্থাৎ UPSC ৰ পৰীক্ষা বাতিল কৰাটো অসম্ভৱ ৷ উচ্চতম ন্যায়ালয়ক এই সদৰী সদৰী কৰে UPSC য়ে ৷

দৰাচলতে উচ্চতম ন্যায়ালয়ে UPSCৰ একাংশ পৰীক্ষাৰ্থীয়ে দিয়া আবেদনৰ ওপৰত শুনানি দিছিল ৷যিয়ে চলিত বৰ্ষত হ’ব লগা পৰীক্ষা বাতিল কৰাৰ কাৰণে দিয়া আবেদনত শুনানি দিছিল ।

আদালতে UPSC ৰ সন্দৰ্ভত কালিৰ ভিতৰত ন’টিছ দিবলৈ আহ্বান কৰে ৷আনহাতে এই সন্দৰ্ভত পুনৰ শুনানি হ’ব বুধবাৰে ৷

ইপিনে পৰীক্ষা বাতিল কৰিবলৈ কোৱা পৰীক্ষাসকলে কৈছিল যে এই সময়ত পৰীক্ষা অনুষ্ঠিত কৰাটো তেওঁলোকৰ কাৰণে সুৰক্ষিত নহয়।

মহামাৰীৰ সংকটৰ সময়ত অফলাইনৰ জৰিয়তে হোৱা পৰীক্ষাত প্ৰভাৱ পৰিব ৷ইপিনে দেশত একাংশ ঠাইত হোৱা বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বহু ছাত্ৰ-ছাত্ৰীৰ কাৰণে অসুবিধা হ’ব ৷

লগতে পৰীক্ষা সিদ্ধান্ত কৰাৰ বিষয়ে সংবিধানৰ ২১ অনুচ্ছেদক উলংঘন কৰিছে ৷

সমগ্ৰ দেশত ৭২খন চহৰত হ’ব লগা এই অফলাইন পৰীক্ষাত প্ৰায় ৬ লাখ পৰীক্ষাৰ্থীয়ে UPSC দিব ৷

ইপিনে UPSC দিয়া পৰীক্ষাৰ্থীসকলৰ কাৰণে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। আয়োগৰ মতে পৰীক্ষাৰ্থীসকলে কাঁচৰ বটলত ছেনিটাইজাৰো আনিব পাৰিব।

মাস্ক পৰিধান নকৰিলে পৰীক্ষা গৃহত পৰীক্ষাৰ্থীসকলক সোমাবলৈ দিয়া নহ’ব ৷পৰীক্ষাৰ্থীসকলে ক’ভিড১৯ ৰ সকলো নীতি নিয়ম মানি চলিব লাগিব।

তেওঁলোকে পৰীক্ষা গৃহৰ উপৰিও সকলোতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

উল্লেখযোগ্য যে UPSCৰ প্ৰাৰম্ভিক পৰীক্ষা ৩১মে’ত অনুষ্ঠিত হ’ব লগা আছিল যদিও কৰ’না ভাইৰাছ আৰু তলাবন্ধৰ কাৰণে পিছুৱাই দিয়া হয়।

Exit mobile version