সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ চিৰাং জিলা সমিতিৰ সহকাৰী সম্পাদকক বহিষ্কাৰ । আগছুৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক নাৰায়ণ উপাধ্যায়ে এক প্ৰেছ বিবৃতি যোগে জনায় যে আজি চিৰাং জিলাৰ পানবাৰীত অনুষ্ঠিত জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে ।
জিলা সভাপতি শ্যাম ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সহকাৰী সম্পাদক শেৰ বাহাদুৰ ছেত্ৰীয়ে ছাত্ৰ সংগঠনটোৰ সংবিধান অৱমাননা কৰি বিটিচি নিৰ্বাচন উপলক্ষে ৰাজনৈতিক কাৰ্যকলাপত প্ৰত্যক্ষ ভাৱে জড়িত হোৱাৰ অভিযোগত ছাত্ৰ নেতাজনক বহিষ্কাৰ কৰে ।
সহকাৰী সম্পাদকৰ পদৰ লগতে ছাত্ৰ সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰে শেৰ বাহাদুৰ ছেত্ৰীক । আগন্তক দিনত আগছুৰ হৈ যাতে কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য নকৰে তাৰ বাবেও সকীয়াই দিয়ে ছাত্ৰ সংগঠনটোৰ চিৰাং জিলা সমিতিয়ে ।