উত্তৰ প্ৰদেশৰ দলবদ্ধ ধৰ্ষণ

78377824

উত্তৰ প্রদেশত দুসপ্তাহৰ আগতে দিন-দুপৰতে চাৰি দুবৃর্ত্তই গণধর্ষণ কৰা ২০ বছৰীয়া যুৱতীগৰাকীয়ে দিল্লীৰ হাস্পতালত আজি পুৱা মূমূৰ্ষ অৱস্থাৰে মৃত্যুৰ স’তে যুঁজি অৱশেষত হাৰ মানে । উল্লেখ্য যে, চাৰি দুৰ্বৃত্তই কেৱল গণ ধৰ্ষণ কৰাই নহয়, কাটি পেলালে যুৱতীগৰাকীৰ জিভাও।

ফলত মুমূর্ষ অৱস্থাত মৃত্যুৰ সতে হাস্পতালত যুঁজ দি আছিল ভুক্তভােগী যুৱতীগৰাকীয়ে। ধর্ষণকাৰীৰ অত্যাচাৰত যুৱতীগৰাকীৰ শৰীৰ ক্ষত-বিক্ষত হৈছিল । অথচ এনে এক নৃশংস ঘটনাৰ পাছতাে চাৰি- পাঁচদিন ধৰি স্থানীয় আৰক্ষী নির্বিকাৰ । পাছত অৱশ্যে স্থানীয় ৰাইজৰ প্রবল বিক্ষোভ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গা লৰাবলৈ বাধ্য হয় । ইতিমধ্যে ঘটনাৰ চাৰি অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছে।

ঘটনাটো সংঘটিত হৈছিল দিল্লীৰ পৰা দুশ কিলােমিটাৰ আঁতৰত হাথৰাছ জিলাৰ । যােৱা ১৭ ছেপ্টেম্বৰত মাতৃ আৰু ভ্ৰাতৃৰ স’তে খেতিপথাৰলৈ গৈছিল আৰু ২০ বছৰীয়া দলিত যুৱতীগৰাকী। কিছু সময় পাছত শস্য বােজাই কৰি ভ্রাতৃজন গৃহ অভিমুখে ওভতে যদিও যদিও ভুক্তভােগী মাতৃৰ স’তে পথাৰতে ব্যস্ত থাকে ।

তাৰ ক্ষন্তেক পাছত চাৰি-পাঁচজন দুবৃর্ত্তই যুৱতীগৰাকীক বলপূর্বকভাৱে ধৰি-বান্ধি লৈ যায় আৰু গণ ধর্ষণ কৰে। পাছত তেওঁক বিচাৰি মাতৃ ঘটনাস্থলীত উপস্থিত হয় আৰু মুমূর্ষ অৱস্থাত কন্যাক উদ্ধাৰ কৰে।

Exit mobile version