খানা নৈত মাছৰ উজান, উৎসৱমুখৰ পৰিৱেশত ৰাইজৰ মৎসচিকাৰ

WhatsApp Image 2020 09 29 at 7.02.49 PM

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ গুৱাহাটী পৌৰ নিগমৰ এক নং ৱাৰ্ডৰ অন্তৰ্গত খানামুখ অঞ্চলৰ মাজেৰে বৈ যোৱা দীপৰ বিল-ব্ৰহ্মপুত্ৰ সংযোগী খানা নৈত বিগত কে’বাদিনো ধৰি মাছৰ উজান উঠিছে । খানা নৈৰ দুয়ো পাৰৰ ৰাইজে বিভিন্ন ধৰণৰ জালেৰে লগে-ভাগে দিনে-নিশাই মাছ ধৰা দৃশ্যই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

এই সন্দৰ্ভত কনক বৈশ্য, হৰেন্দ্র বৈশ্য , শৈলেন বৈশ্য, ৰাতুল বৈশ্যকে ধৰি মাছ ধৰাত ব্যস্ত একাংশ লোকে জানিবলৈ দিয়ে যে, তেওঁলোকে বিগত বছৰৰ দৰে এইবেলিও যোৱা জুন মাহত খানা নৈত মাছ ধৰাৰ বাবে কে’বাজনো লগ হৈ জাল পাতিছিল । কিন্তু যোৱা জুন মাজত বেছি মাছ পোৱা নাছিল যদিও যোৱা প্ৰায় দুসপ্তাহ ধৰি খানা নৈত ভাঙোন মাছৰ উজান উঠিছে ।

যাৰ ফলত তেওঁলোকে ওচৰ চুবুৰীয়া, বন্ধু-বান্ধৱকো মাছ বিলাই দি আনন্দ লাভ কৰিছে । অৱশ্যে ভাঙোন মাছৰ লগতে কিছু পৰিমাণে ৰৌ, বৰালি, চিতলকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰু-বৰ মাছো জালত উঠা বুলি জানিব পৰা গৈছে ।

Exit mobile version