চেক ব্যৱহাৰৰ নতুন নিয়ম প্ৰৱৰ্তন আৰ বি আইৰ

rbi

চেকৰ জৰিয়তে বেংকৰ পৰা ধন সংগ্রহ ক্ষেত্ৰত নিয়ম-নীতি কিছু সলনি কৰিলে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰ বি আই)ই। চেকৰ জৰিয়তে একাউণ্টৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত মাজে সময়ে বেংকৰ গ্ৰাহকসকল জালিয়াতিৰ সন্মুখীন হৈ আহিছে। এনে জালিয়াতি বন্ধ কৰিবলৈ আৰ বি আয়ে নতুন নিয়ম যুগুত কৰিছে।

ADVERTISEMENT

এতিয়াৰে পৰা ৫০ হেজাৰ টকাতকৈ অধিক চেকৰ জৰিয়তে লেনদেনৰ ক্ষেত্ৰত নতুন পদ্ধতি প্রযােজ্য হ’ব। ২০২১ৰ পহিলা জানুৱাৰীৰ পৰা প্ৰৱর্তিত হ’ব লগা নিয়ম অনুসৰি এতিয়াৰে পৰা ৫০ হেজাৰ টকাতকৈ অধিক পৰিমাণৰ ধনৰ চেক বেংকত জমা হলে ‘পজিটিভ পে ছিষ্টেম’ৰ মাধ্যমৰে বেংকে মুকলি কৰি নিদিব।

বেংকে এই ক্ষেত্ৰত গ্রাহকৰ পৰা একাধিক তথ্য বিচাৰিব পাৰে। তদুপৰি পাঁচ লাখ টকা বা ততােধিক পৰিমাণৰ ধনৰ চেকৰ ক্ষেত্ৰত ‘পজিটিভ পে ছিষ্টেম’ বাধ্যতামূলক কৰা হ’ব। অর্থাৎ চেক বেংকত জমা দিয়াৰ লগে লগে ধন উলিয়াব নােৱাৰিব। এছ এম এছ, ম’বাইলএপ, ইণ্টাৰনেট বেংকিং আদিৰ মাধ্যমৰে একাধিক তথ্য পৰীক্ষণ কৰাৰ পাছতহে বেংকে ধন একাউণ্টলৈ ট্রান্সফাৰ কৰিব।

এটা বেংকৰ পৰা আন বেংকত চেক জমা দিলে লেনদেনৰ ব্যৱস্থাত কোনাে সন্দেহ উপজিলে সংশ্লিষ্ট দুই বেংকে প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। তদুপৰি বেংকৰ নগদ কাউন্টাৰৰ সন্মুখত ‘পজিটিভ পে ছিষ্টেম’ৰ সকলাে নিয়মাৱলী লিখিত ৰূপত ৰখা হ’ব।

Exit mobile version