জধে-মধে প্লাজমা থেৰাপী প্রয়ােগৰ বিৰুদ্ধে

himanta

‘প্লাজমা থেৰাপী’ৰ নিয়মীয়া ব্যৱহাৰৰ বিৰুদ্ধে সকীয়াই দিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে । ক’ভিড-১৯ৰ চিকিৎসাত প্লাজমা থেৰাপী আৰু এন্টি-ভাইৰেল দৰৱ মেছিডিৱিৰৰ নিয়মিত ব্যৱহাৰৰ বিৰুদ্ধে তেওঁ সকীয়াই দিছে। এই দুই বিধৰ ব্যাপক প্ৰয়ােগ কৰা দেখা গৈছে ।

ADVERTISEMENT

মহাৰাষ্ট্র, দিল্লীকে ধৰি বিভিন্ন ৰাজ্যত গুৰুতৰভাৱে অসুস্থ ক’ভিড ৰােগীৰ চিকিৎসাৰ বাবে প্লাজমা থেৰাপী ব্যৱহাৰ কৰা হৈছে। ডাঃ হর্ষবর্ধনে কয় যে ইয়াৰ যুক্তিযুক্ত ব্যৱহাৰ হ’ব লাগে। এই সম্পর্কে কেন্দ্রীয় চৰকাৰে পৰামর্শৱলী প্রকাশ কৰি আহিছে।

দিল্লী চৰকাৰৰ স্বাস্থ্য মন্ত্রী সত্যেন্দৰ জৈন আৰু উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়াক দিল্লীৰ ব্যক্তিগত হাস্পতালত প্লাজমা থেৰাপী দিয়া হৈছিল। সুস্থ হােৱাৰ অন্তত জৈনে কয়, এহেজাৰৰ অধিক ক’ভিড ৰােগীক দিল্লীত প্লাজমা দিয়া হৈছে আৰু এইসকলৰ অধিকাংশ উপকৃত হৈছে। তেওঁলােকৰ প্ৰাণ ৰক্ষা হৈছে। ময়াে সুস্থ হৈছাে।

চিকিৎসক আৰু বিশেষজ্ঞৰ মতে প্রকৃত সময়ত প্রয়ােগ কৰিলে প্লাজমা থেৰাপী লাভজনক হয়। অৱশ্যে মেছিডিৱিৰৰ প্রয়ােগে ৰােগীৰ বৃক্ক আৰু যকৃতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

Exit mobile version