বঙাইগাঁও জিলাৰ মানিকপুৰত ভয়াবহ পথ দুৰ্ঘটনা

WhatsApp Image 2020 09 29 at 8.18.01 PM

বঙাইগাঁও জিলাৰ মানিকপুৰত শোকাৱহ পথ দুৰ্ঘটনাত একে পৰিয়ালৰ তিনিজন থিতাতে নিহত হয় । বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ মানাহ নদীৰ ওপৰত থকা দলঙত আজি বিয়লি ৫ বজাত এক ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত শিশু সহ একে পৰিয়ালৰ তিনিজন পথচাৰী থিতাতেই নিহত হয় ।

প্ৰাপ্ত তথ্য মতে মাণিকপুৰ থানাৰ অন্তৰ্গত ৩ নং ছালাবিলা গাঁওৰ আক্কাচ আলী(৬৫) তেওঁৰ পত্নী হাওৱা বিবি (৫০)আৰু নাতিনী ৰোচলিনা আহমেদ(৮) একেলগে এএচ১৮বি-৭৩৬১ নম্বৰৰ মটৰ চাইকেলেৰে হাপাচাৰা গৰাইমাৰী লৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা অহা অচিনাকি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত তিনিওজন থিতাতে নিহত হয় । এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাকখনে দ্ৰুত গতিত পলায়ন কৰে ।

উল্লেখ্য যে, তেওঁলোকে বিজনীলৈ গৈ থকাৰ অবস্থাতে এই দুৰ্ঘটনা সংঘটিত হয় । ঘটনাস্থলীত মানিকপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । এই শোকাবহ ঘটনাই সমগ্ৰ মানিকপুৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে ।

Exit mobile version