বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দাবীত শালবাৰীত মহিলা বিপিএফৰ উত্তাল প্ৰতিবাদ

VID20200929111804 5161

বিটিচিৰ পৰিষদীয় নিৰ্বাচন ২৭ অক্টোবৰৰ পূৰ্বে অনুষ্ঠিত কৰাৰ দাবীত বিপিএফৰ প্ৰতিবাদত দ্বিতীয় দিনাও উত্তাল হৈ পৰে বাক্সা জিলাৰ শালবাৰী । উল্লেখযোগ্য যে বিপিএফৰ কেন্দ্ৰীয় কমিটীৰ আহ্বান মৰ্মে সোমবাৰে দলৰ শালবাৰী জিলা কমিতিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিচত আজি মহিলা বিপিএফে একে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

মহিলা বিপিএফৰ শালবাৰী জিলা কমিটীৰ উদ্যোগত কে’বা শতাধিক মহিলাই আজি দিনৰ ১১ বজাত দলৰ শালবাৰীস্থিত কাৰ্যালয়ৰ পৰা সমদল উলিয়াই মহকুমাধিপতিৰ কাৰ্যালয়লৈ যায় ৷ প্ৰতিবাদকাৰী সকলে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। পিছত শালবাৰী মহকুমাৰ মহকুমাধিপতিক সাক্ষাৎ কৰি প্ৰতিবাদকাৰী সকলে তেওঁৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ দুখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি উঠি মহিলা বিপিএফৰ শালবাৰী জিলা কমিতিয়ে এখন সংবাদমেলৰ আয়োজন কৰে ।

দলৰ জিলা কমিতিৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেল খন সম্বোধন কৰি কেন্দ্ৰীয় কমিতিৰ সম্পাদিকা তথা পৰিষদীয় নিৰ্বাচনৰ মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী আখতাৰা আহমেদে কয় যে, ‘ অতিমাৰী কৰ’নাৰ বাবে বিটিচিৰ নিৰ্বাচন স্থগিত ৰাখি ৰাজ্যপালৰ শাসন জাৰি কৰিছে। তাত আমাৰ ক’ব লগা নাই। কিন্তু সম্প্ৰতি স্কুল কলেজ খুলিছে, শ্বপিংমলত মানুহে বজাৰ-সমাৰ কৰিবলৈ লৈছে আনকি বিহাৰ আৰু কেৰেলাৰ নিৰ্বাচনৰ দিনো ঘোষণা কৰিছে যদিও বিটিচিৰ নিৰ্বাচন কিন্তু অনিশ্চয়তাৰ মাজলৈ ঠেলি নিছে । এয়া বিপিএফৰ বিৰুদ্ধে কৰা এক ষড়যন্ত্ৰৰ বাহিৰে একো নহয় ।’

প্ৰসংগক্ৰমে সংবাদমেলখনত তেওঁ কয় যে, ‘বিটিচিত এফালে নিৰ্বাচনী অধিসূচনা আৰু আনফালে ৰাজ্যপালৰ শাসন বলবৎ কৰিছে। ইয়াৰ মাজত বিটিচিবাসী সাধাৰণ ৰাইজে কৰ’না আৰু বানপানীৰ বাবে যমৰ যাতনা ভুগিব লগা হৈছে।তথাপি ৰাইজৰ ওচৰত দায়বদ্ধ বিপিএফে সহায়ৰ হাত আগবঢ়াবলৈ আজি অপাৰগ হৈ পৰিছে । ইয়াৰ বাবে স্থবিৰ হৈ পৰিছে বিটিচিৰ উন্নয়ণ। অহা ২৭ অক্টোবৰত ৰাজ্যপালৰ শাসনৰ অন্ত পৰিব যদিও এতিয়ালৈকে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই । বিটিচিত নিৰ্বাচন অনুষ্ঠিত নকৰি যদি ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃৃদ্ধি কৰা হয় তেতিয়া হ’লে বিপিএফে ইয়াৰ প্ৰতিবাদত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও নেত্ৰীগৰাকীয়ে কয় ।

আজিৰ এই সংবাদমেলখনত মহিলা বিপিএফৰ শালবাৰী জিলা কমিতিৰ সভাপতি নিভা বড়ো, সম্পাদিকা ৰেখা বসুমতাৰী, পিএম বিৰ সদস্য নাৰায়ণী বসুমতাৰীকে ধৰি কে’বাগৰাকীও দলীয় নেত্ৰীয়ে অংশগ্ৰহণ কৰে।

Exit mobile version