ৰূপহীহাটত ৪২ টা চোৰাং গৰু সহ দুখন ট্ৰাক জব্দ

WhatsApp Image 2020 09 29 at 7.55.25 PM

যোৱা নিশা ৰূপহীহাট থানাৰ আৰক্ষীয়ে এক অভিযান চলাই পূৱ ছাইদৰীয়াত জব্দ কৰে ৪২ টা গৰু সহ দুখন ট্ৰাক । পূৱ ছাইদৰীয়াৰ ছাইফুল ইছলামৰ ঘৰৰ পৰা গৰুসহ গাড়ীদুখন জব্দ কৰে ।

ADVERTISEMENT

ইপিনে, গৰুৰ চোৰাং ব্যৱসায়ৰ স’তে জড়িত মূল অভিযুক্ত ছাইফুল ইছলামে আৰক্ষীৰ চকুত ধূলি দি নিশাই পলায়ন কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰূপহীহাটৰ পূৱ ছাইদৰীয়া, জিউমাৰী, ঘেহুৱা চলচলি আদি ঠাইৰ পৰা মেঘালয়ৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ অবৈধ গৰু সৰবৰাহৰ ৰমৰমীয়া বেহা চলি আহিছিল ।

Exit mobile version