ঘৰুৱা হিংসাৰ বলি হৈ সাগৰত জাপ দিছিল মহিলাই

1601458083

দুবছৰ পূৰ্বে হেৰাই গৈছিল মহিলাগৰাকী৷এক কথাত সকলোৱে সকলোৱে আশা বাদ দিছিল এঞ্জেলিকা গেটন যে আকৌ ঘূৰি আহিব ৷ কিন্তু বিধিৰ কি লিখন ৷ সকলোৰে পৰা হেৰাই যোৱা এই এঞ্জেলাকাক সাগৰত মাছমৰীয়াই জীৱিত অৱস্থাত উদ্ধাৰ কৰে ৷

আনহাতে এঞ্জেলিকাক উদ্ধাৰ কৰা ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷৪৬ বয়সীয়া মহিলাগৰাকী মাছমৰীয়া ৰোলেণ্ড বিছবল আৰু তেওঁৰ এজন বন্ধুয়ে সাগৰৰ পানীত উটি অহাৰ পৰা উদ্ধাৰ কৰে ৷

এঞ্জেলিকাক উদ্ধাৰ কৰাৰ পিছত তেওঁৰ মন্তব্য যে “মোৰ যেন পুনৰ জনম হৈছে। ভগৱানে নিবিচাৰে যে মই মৰি যাওঁ ৷”

আনহাতে এঞ্জেলিকাক উদ্ধাৰ কৰাৰ পাছত তেওঁ কয় যে স্বামীৰ লগত কন্দলত লিপ্ত হৈ ঘৰৰ পৰা পলায় গৈছিল ২০১৮ ত ।কাৰণ স্বামীৰ পৰা বহু দুব্যৱহাৰ লাভ কৰিছিল এঞ্জেলিকাই।ইপিনে এই সন্দৰ্ভত আৰক্ষীৰ পৰাও কোনো সহায় লাভ কৰা নাছিল এঞ্জেলিকাই।

নিজৰ লগতে সকলো শেষ কৰাৰ মনেৰে এঞ্জেলিকাই সাগৰত জাপ দিয়ে ৷ইয়াৰ পাছত মাছমৰীয়াৰ ৰোলেণ্ডে সাগৰৰ মাজৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰে এঞ্জেলিকাক। এতিয়া এঞ্জেলিকা সুস্থ ৷

Exit mobile version