তলাবন্ধঃ প্ৰধানমন্ত্ৰী আঁচনিৰ পৰা বঞ্চিত অসম

street vendors1

সদাব্যস্ত ৰাজধানী মহানগৰীৰ পদপথত এখন সৰু দোকান দি দৈনিক উপাৰ্জনেৰে জীৱন অতিবাহিত কৰা পদপথৰ ব্যৱসায়ীসকল এই দীঘলীয়া তলাবন্ধত কি দৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে তাক নকৈ কোৱাৰ প্ৰয়োজন নাই। এদিন উপাৰ্জন বন্ধ হ’লেই পৰিয়াল চলাবলৈ সমস্যা হোৱা এইসকল ব্যৱসায়ীৰ অধিকাংশ মূলধনৰ অভাৱত যোৱা ছমাহ বন্ধ কৰি থ’ব লগা হোৱাত অৱস্থা অতি শোচনীয় হৈ পৰিছে ৷

এই পদপথৰ ব্যৱসায়ীসকলক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ “পি এম ষ্ট্ৰীট ভেণ্ডৰ্চ আত্মনিৰ্ভৰ আঁচনি” ঘোষণা কৰিছিল যদিও বিশেষকৈ আধাৰ কাৰ্ড নথকাৰ বাবেই ৰাজ্যৰ বৃহৎ সংখ্যক ব্যৱসায়ীয়ে ইয়াৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে ৷উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে দেশৰ ৫০ লাখ পদপথৰ ব্যৱসায়িক ১০ হেজাৰ টকাকৈ ঋণ দিয়াৰ আঁচনি গ্ৰহণ কৰি বন্ধ হৈ পৰা ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে ।

কিন্তু অসমত সংশ্লিষ্ট পক্ষই আঁচনিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত কোনো গুৰুত্ব নোলোৱাৰ অভিযোগ তুলি একাংশ পদপথৰ ব্যৱসায়ীয়ে আধাৰ কাৰ্ড উলিওৱাৰ ব্যৱস্থা ৰাজ্যত সুচল নোহোৱাত হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে । উল্লেখযোগ্য যে ৰাজধানী মহানগৰীত ২০১৫ ৰ পৌৰ নিগমৰ গণনা অনুসৰি পদপথৰ ব্যৱসায়ীৰ সংখ্যা প্ৰায় ৭,১৮৩ জন যদিও এতিয়া ইয়াৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

ইয়াৰ অধিকাংশই তলাবন্ধৰ ফলত আৰ্থিকভাৱে কোঙা হৈ বৰ্তমানেও মূলধনৰ অভাৱত পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই। এই পদপথৰ ব্যৱসায়ীসকলক পি এম ষ্টীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ অসম ৰাজ্যিক নগৰ জীৱিকা অভিযানে মহানগৰীৰ ১১ টা স্থানত অনলাইন আবেদন কেন্দ্ৰ স্থাপন কৰিছে যদিও অধিকাংশ ভুক্তভোগীয়েই আবেদন কৰিব পৰা নাই বুলি উল্লেখ কৰিছে পথ ব্যৱসায়ী সন্থাই ।

সন্থাৰ সভাপতি চন্দন গোস্বামীয়ে সদৰী কৰা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ ক্ষতিগ্ৰস্ত পদপথ ব্যৱসায়ীসকলক এই আঁচনিৰ লাভ ল’বলৈ যিদৰে চৰকাৰ আৰু সংশ্লিষ্ট প্ৰশাসনে সহযোগ কৰিছে তাৰ ব্যতিক্ৰম পৰিলক্ষিত হৈছে অসমত ৷তদুপৰি মহানগৰীৰ অনলাইন কেন্দ্ৰসমূহত থকা কৰ্মচাৰীসকলৰ যোগ্যতাৰ অভাৱত বহু ব্যৱসায়ীয়ে বৰ্তমানলৈকে আবেদন কৰিব পৰা নাই বুলি তেওঁ অভিযোগ কৰি অধিকাংশ অশিক্ষিত পদপথ ব্যৱসায়ীক চৰকাৰী কৰ্মচাৰীসকলে এই ক্ষেত্ৰত সহায় নকৰে বুলি আক্ষেপেৰে কয় ।

ইফালে পদপথৰ ব্যৱসায়ীসকলে এই আঁচনিৰ সুবিধা লাভ কৰা লৈকে সকলো শেষ হৈ যাব বুলি মন্তব্য কৰিছে সম্পাদক গোস্বামীয়ে ৷গোস্বামীয়ে কয়” আমি বৰ্ণনা কৰিব নোৱাৰা অৱস্থাত আছো ৷ ভাড়াঘৰত থাকি ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া বহুজনক ইতিমধ্যে ভাড়াঘৰৰ মালিকে উলিয়াই দিছে ৷বহুজনক কোঠা খালী কৰিবলৈ নিৰ্দেশ দিছে ৷ৰাজ্য চৰকাৰে ক্ষিপ্ৰ ব্যৱস্থাৰে ব্যৱসায়ীসকলক কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰি ব্যৱসায় আৰম্ভ কৰাৰ সুবিধা কৰি দিলে বহু সকাহ পালোহেঁতেন ৷

উল্লেখযোগ্য যে এই সংক্ৰান্তত পথ ব্যৱসায়ী সন্থাই কে’বাবাৰো জিলা উপায়ুক্তক সাক্ষাৎ কৰিছিল যদিও আজিলৈকে কোনো সদুত্তৰ নাপালে ৷এই সন্দৰ্ভত শতাধিক পৰিয়ালৰ জীৱিকা পুনৰোজ্জীৱিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা সহায়ৰ হাত বিচাৰি পথ ব্যৱসায়ী সন্থাই কয়”আমি প্ৰশাসনক আহ্বান জনাওঁ যে আমাৰ বাবে অন্তত সোনকালে আধাৰ কাৰ্ড উলিওৱাৰ এক ব্যৱস্থা কৰি দিয়ক ৷ যাতে আমি পি এম ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিব পাৰো ।

Exit mobile version