- আদালতে সকলো অভিযুক্তক দোষমুক্ত ঘোষণা কৰে ৷
- বিশেষ আদালত ন্যায়াধীশ এছ কে যাদবে শুনানিত কয় যে বাবৰি মছজিদ ধ্বংসৰ ঘটনা পূৰ্ব পৰিকল্পিত নাছিল ৷এইয়া আকস্মিক ঘটনা। লগতে অভিযুক্তসকলৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই ।
- এই ঘটনাৰ সৈতে জড়িত ৩২ জন অভিযুক্তক নিৰ্দেষী ঘোষণা কৰে চি বি আইৰ বিশেষ আদালতে ৷
- ইয়াৰ লগে লগে বাবৰি মছজিদ ধ্বংসৰ গোচৰত অভিযুক্ত বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আডৱানী, মুৰুলী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি ৩২ গৰাকী অভিযুক্তক ৰেহাই দিয়া হয়।
- আদালতে ১৬ ছেপ্টেম্বৰত ৩২ জনকৈ অভিযুক্তক আদালতত হাজিৰ হ’বলৈ কয় যদিও স্বাস্থ্যজনিত সমস্যাৰ বাবে এল কে আডৱানী, উমা ভাৰতী,মুৰুলী মনোহৰ যোশী,প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙকে ধৰি বহুকেইগৰাকী অভিযুক্তই আদালতত উপস্থিত হ’ব নোৱাৰিলে ৷
- তেওঁলোকে ভিডিঅ’ কনফাৰেন্সযোগে আদালতৰ ৰায়দানৰ শুনানিত অংশগ্ৰহণ কৰে।
দোষমুক্ত হ’ল বাবৰি মছজিদ ধ্বংসৰ অভিযুক্ত
