৪ অক্টোবৰত অনুষ্ঠিত হ’ব UPSC পৰীক্ষা

UPSCEXAMKB

UPSCৰ পৰীক্ষা পিছুৱাৰ আবেদনক খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ৷

ADVERTISEMENT

UPSC য়ে উচ্চতম ন্যায়ালয়ক জনায় যে ৪অক্টোবৰত হ’ব লগা পৰীক্ষা Covid19 ৰ কাৰণে পিছুৱাব পৰা নাযাব ৷

লগতে UPSCয়ে কয় যে পৰীক্ষাৰ কাৰণে সকলো যাৱতীয় প্ৰস্তুতি কৰা হৈছে।

আনহাতে বিগত সময়ত হোৱা শুনানিত উচ্চতম ন্যায়ালয়ে আয়োগক কৈছিল যে ক’ভিড১৯ মহামাৰীৰ সময়ত হোৱা পৰীক্ষাৰ প্ৰস্তুতিৰ সন্দৰ্ভত ন্যায়ালয়ক অনতিপলমে অৱগত কৰাব লাগে ।

কাৰণ UPSC য়ে বিগত দিনত ন্যায়ালয়ত আবেদন দিছিল। আজি এই সন্দৰ্ভত শুনানি আছিল।

উচ্চতম ন্যায়ালয়ে UPSCৰ পৰীক্ষা ৪অক্টোবৰত অনুষ্ঠিত কৰিবলৈ শুনানি দিয়ে ৷

ক’ভিড ১৯ ৰ সময়ত UPSCৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি ২০ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন দিছিল। চাৰি ঘন্টাৰ অফলাইন পৰীক্ষাত প্ৰায় ৬ লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব ।

গতিকে ইয়াৰ দ্বাৰা কৰ’না ভাইৰাছ সংক্ৰমণ হোৱা সম্ভাৱনা যথেষ্ট বেছি বুলি আবেদন কৰিছিল আবেদনকাৰীয়ে।

Exit mobile version