ৰহস্যজনকভাৱে আধৰুৱা হৈয়ে ৰ’ল কে’বাটাও গুৰুত্বপূৰ্ণ গােচৰৰ তদন্ত

Assam Secretariat Janata Bhavan 1

বিজেপি চৰকাৰৰ কাৰ্যকালত ৰহস্যজনকভাৱে আধৰুৱা হৈ পৰি আছে ৰাজ্যক জোঁকাৰি যােৱা একাধিক গুৰুত্বপূৰ্ণ অপৰাধ গােচৰৰ তদন্ত । ইয়াকে লৈ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি এতিয়া কেৱল মুখৰ কথাহে হৈছে বুলি সচেতন মহলে চৰ্চা কৰিছে। বিজেপি চৰকাৰে শাসনভাৰ লােৱাৰ পাছৰে পৰা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সংঘটিত বিয়াগােম কেলেংকাৰিৰ সম্পর্কত অধিকাংশ তদন্তকাৰী সংস্থাই গােচৰ ৰুজু কৰে, কিন্তু এইবােৰৰ তদন্ত প্রক্রিয়া এটা নির্দিষ্ট পর্যায়ত থমকি ৰয় ।

অনুৰূপ ধৰণে কয়লা কেলেংকাৰি সম্পৰ্কত চি আই ডি থানাত ভাৰতীয় দণ্ড বিধিৰ ১২০(খ) ৩৭৯/৪২০/৪৬৮/৪৭১/১১৯ আৰু দুর্নীতি প্রতিৰােধ আইনৰ ১৩ (২) আৰু অসম বন বিধিৰ ২৫/৪০/৪১ ধাৰাৰ অধীনত ৰুজু হৈ থকা ৬/২০১৮ নম্বৰ গােচৰৰ তদন্ত ৰহস্যজনকভাৱে বন্ধ হৈ পৰে । সংশ্লিষ্ট গােচৰটোৰ অনুসন্ধান চলি থকাৰ সময়তে মুখ্যমন্ত্রী কার্যালয়ত কৰ্মৰত একাংশ বিষয়াৰ নাম সাঙোৰ খাই পৰাক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হােৱাৰ সময়তে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয়লা ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব কেন্দ্রীয় অনুসন্ধান সংস্থা (চি বি আই)লৈ হস্তান্তৰ কৰিব বুলি বিগত বৰ্ষৰ ২১ জুলাইত ঘােষণা কৰে।

কিন্তু উক্ত ঘােষণাৰ এবছৰ অতিক্ৰম কৰাৰ পাছতাে কয়লাৰ কেলেংকাৰিৰ গােচৰৰ তদন্তৰ দায়িত্ব চি বি আইলৈ হস্তান্তৰ হােৱাটো দূৰৈৰে কথা, চি আই ডিত ৰুজু হৈ থকা ৬/২০১৮ নম্বৰ গােচৰৰ তদন্ত প্রক্রিয়াই বন্ধ হৈ পৰা বুলি সূত্ৰটোৱে আঙুলিয়াই দিয়ে । এই গােচৰৰ অনুসন্ধান চলাই চি আই ডিয়ে উক্ত সময়ছােৱাত পৰিবহণ বিভাগৰ এনফ’র্চমেন্ট পৰিদৰ্শক বিশ্বজিৎ ভট্টাচার্য, অঞ্জনজ্যোতি ভট্টাচার্য, টাপুৰাম বৰা, চিত্ত কুমাৰ নাথ, সহকাৰী এনফ’র্চমেন্ট পৰিদৰ্শক বাবুল মণ্ডল, এনফ’র্চমেন্ট চেকাৰ অনুৰাগ শাণ্ডিল্য, মাধৱ নেওগ, মৃগেন্দ্র শর্মা, কৰ অধীক্ষক সজল দাস, জন সােণাৰ, কয়লা মাফিয়া যােগীঘােপাৰ কুলদ্বীপ সিং, কৰিমগঞ্জৰ আব্দুল আহাদ চৌধুৰী, যােগীঘােপাৰ মুবাৰক আলী, আম্বান আলী খান, আকিবৰ ৰহমান, ফারুক আহমেদ, ভাস্কৰ কলিতা, জিলা পৰিবহণ বিষয়া প্রসেনজিৎ ঘােষকে ধৰি ২২জনক গ্রেপ্তাৰ কৰে।

ধৃত অভিযুক্তসকলৰ ১১জনেই বিভিন্ন বিভাগত কৰ্মৰত বিষয়া- কৰ্মচাৰী । ইয়াৰ বাবে সংশ্লিষ্টসকলৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলােৱাৰ অনুমতি বিচাৰি চি আই ডিয়ে সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰে যদিও দিছপুৰৰ প্ৰভাৱশালী চক্ৰটোৰ হেঁচাৰ বাবেই আজি পর্যন্ত এই ক্ষেত্ৰত প্ৰয়ােজনীয় অনুমতি দিয়া নাই বিভাগসমূহে। ফলত সংশ্লিষ্ট গােচৰৰ অনুসন্ধান প্রক্রিয়া সম্প্রতি বন্ধ হৈ থকা বুলি চি আই ডিয়ে জনায়। অনুৰূপ ধৰণে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ বিভিন্ন পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল সম্পৰ্কত চি আই ডি থানাত ৰুজু হৈ থকা ১৪/২০১৮ নম্বৰ গােচৰৰ তদন্ত প্রক্রিয়াও সম্প্রতি বন্ধ হৈ আছে ।

সংশ্লিষ্ট গােচৰৰ অনুসন্ধানৰ সময়ত তদন্তকাৰী বিষয়াই বিভিন্ন স্থানৰ পৰা জব্দ কৰা ১৮টা ম’বাইল হেণ্ডছেট তথা অন্যান্য সা-চিসামগ্ৰীসমূহ পৰীক্ষাৰ বাবে ফৰেনছিক বিজ্ঞান সঞ্চালকালয়লৈ প্ৰেৰণ কৰে। কিন্তু সংশ্লিষ্ট ম’বাইল হেণ্ডছেটকে ধৰি অন্যান্য নথি সন্দৰ্ভত ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ে আজি পর্যন্ত দাখিল কৰা নাই প্রয়ােজনীয় প্রতিবেদন। ফলত সংশ্লিষ্ট গােচৰৰ তদন্ত প্রক্রিয়াও আধাতে ওলমি ৰােৱা বুলি সূত্ৰটোৱে জনায়। উক্ত গােচৰত চি আই ডিয়ে নয়নমণি বৰ্মন, ছাইদুল হক, আক্রাম হুছেইনৰ লগতে সংশ্লিষ্ট পৰীক্ষাৰ নিৰীক্ষকৰ দায়িত্বত থকা এজন নিৰীক্ষককো গ্রেপ্তাৰ কৰা বুলি সূত্ৰটোৱে উল্লেখ কৰে।

অথচ উক্ত গােচৰৰ তদন্ত প্রক্রিয়াও আধাতে বন্ধ হৈ পৰা বুলি সূত্ৰটোৱে জনায়। কেৱল সেয়াই নহয়, বিজেপি চৰকাৰৰ কাৰ্যকালতে অসম লােকসেৱা আয়ােগৰ বিয়াগােম কেলেংকাৰি সম্পৰ্কত চি আই ডি থানাত নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০ (৮)/৪২০ আৰু দুর্নীতি প্ৰতিৰােধ আইনৰ ৭/১৩ (১) (ঘ)/১৩ (২) নম্বৰ গােচৰ, সমাজ কল্যাণ বিভাগত সংঘটিত ২২শ কোটিটকীয়া বিয়াগােম কেলেংকাৰি সম্পৰ্কত দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাত ৰুজু হৈ থকা ১৯/২০১৯ নম্বৰ গােচৰৰ তদন্ত প্রক্রিয়াও প্ৰভাৱশালী চক্ৰৰ হেঁচাতে স্তব্ধ হৈ পৰা বুলি সূত্ৰটোৱে জনায়।

Exit mobile version