আমেৰিকাৰ নিৰ্বাচনৰ পূৰ্বে ভেকচিনৰ প্ৰতিশ্ৰুতি দিয়া ট্ৰাম্পৰ আশাত পৰিল চেঁচাপানী

TRUMP

৩ নবেম্বৰত অনুষ্ঠিত হ’ব লগা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে কৰ’না ভাইৰাছৰ ভেকচিন আহিব বুলি প্ৰতিশ্ৰুতি দিয়া ড’নাল্ড ট্ৰাম্পৰ আশাত পৰিছে চেঁচাপানী ৷আমেৰিকাৰ বায়’টেক ফৰ্ম Moderna য়ে ইংগিত দিয়ে যে কৰ’নাৰ ভেকচিন ২৫ নবেম্বৰৰ পূৰ্বে উপলব্ধ নহয়।

কোম্পানীৰ CEO ই বুধবাৰে এক সাক্ষাৎকাৰত কয় যে কোম্পানীয়ে ২৫ নবেম্বৰৰ পূৰ্বে কৰ’না ভাইৰাছ ভেকচিন জৰুৰীকালীন সেৱাত ব্যৱহাৰৰ কাৰণে মঞ্জুৰী নিদিয়ে।

ইফালে কৰ’না ভাইৰাছৰ পৰিস্থিতিক মোকাবিলা কৰাৰ ক্ষেত্ৰত ট্ৰাম্প যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে ৷গতিকে ট্ৰাম্পে নিৰ্বাচনৰ পূৰ্বে ভেকচিনৰ ড’জ সকলোকে উপলব্ধ কৰাব বুলি প্ৰতিশ্ৰুতি দিছিল। ট্ৰাম্পে বাৰে বাৰে কয় যে নিৰ্বাচনৰ পূৰ্বে বজাৰত ভেকচিন উপলব্ধ হ’ব ।কিন্তু ক’ভিড ১৯ ভেকচিনক লৈ সম্প্ৰতি কোনো স্পষ্টতা নাই।

অৱশ্যে ট্ৰাম্পে ভেকচিনক সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতিক লৈ বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছিল ৷কাৰণ এইয়া ট্ৰাম্পৰ ৰাজনৈতিক অভিসন্ধি হ’ব পাৰে বুলি সন্দেহ বিশেষজ্ঞৰ ।

আনহাতে Moderna ৰ ভেকচিনৰ ট্ৰায়েল সম্প্ৰতি শেষ পৰ্যায়ত আছে ৷গতিকে এতিয়াই ভেকচিন জনতাৰ কাৰণে উপলব্ধ কৰাতো সুৰক্ষিত নহ’ব বুলি কয় কোম্পানীটোৱে ৷

Exit mobile version