উপ পৰিদৰ্শক পদৰ কেলেংকাৰী

IMG 20201001 WA0024

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নলবাৰীৰ বিজেপি নেতা দ্বিবন ডেকাই বুধবাৰে নিশা পাটাছাৰকুছিত আত্মসমৰ্পণ কৰাৰ পিচত উক্ত নিযুক্তি কাণ্ডৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত নলবাৰী আৰক্ষীয়ে দুই সাংবাদিক আৰু এগৰাকী বিজেপি কৰ্মী সহ আৰু চাৰিজন লোকক যোৱা নিশা আৰু আজি গ্ৰেপ্তাৰ কৰিছে । এই লোক কেইজনৰ এগৰাকী বিহামপুৰৰ বিজেপি কৰ্মী নিতুল বৰ্মন । তেওঁক যোৱানিশাই আৰক্ষীয়ে বিহামপুৰৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে । যুৱকজন জ্যেষ্ঠ বিজেপি নেতা সৰ্বেশ্বৰ বৰ্মনৰ ভতিজা তথা বিজেপি চৰকাৰৰ আমোলৰ বিভিন্ন নিযুক্তি কেলেংকাৰীৰ লগত সাঙোৰ খাই পৰাৰ অভিযোগ আছে ।

আনহাতে, নিতুল বৰ্মন আৰক্ষীৰ উপ পৰিদৰ্শক কেলেংকাৰীৰ অন্যতম ধন সংগ্ৰহকাৰী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন তিনিজন লোক হৈছে পৰ্টেলৰ বৰপেটাৰ দুই সাংবাদিক জাহিৰুল ইছলাম আৰু জিতুল হুছেইন আৰু হাজোৰ আদিল খান ৷ বৰপেটা ৰোডৰ কাটাঝাৰৰ সাংবাদিক  জিতুল হুছেইন চাকৰিৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে আন গৰাকী সাংবাদিক জাহিৰুল ইছলাম চাকৰিৰ দালাল তথা জিতুলৰ খুড়াক ৷

নলবাৰী আৰক্ষীয়ে জাহিৰুল ইছলামক যোৱা নিশা নিজ গৃহৰ পৰা আটক কৰাৰ লগতে ভতিজা জিতুল হুছেইনক আজি নিজ গৃহৰ পৰা নলবাৰী আৰক্ষীয়ে আটক কৰে । আনহাতে চাকৰিৰ প্ৰাৰ্থী হাজোৰ আদিল খানকো নলবাৰী আৰক্ষীয়ে আটক কৰিছে । সম্প্ৰতি নলবাৰীৰ আৰক্ষীয়ে থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version