মুখত অবাইচ মাত : ভাটৌক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰিলে চিৰিয়াখানাই

iStock 478768411

ইংলেণ্ডৰ এখন চিৰিয়াখানাত থকা পাঁচটাকৈ ভাটৌ এতিয়া চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে । সন্মুখত দৰ্শক আহিলেই অবাইচ -অশালীন মাত -কথাৰে ব্যতিব্যস্ত কৰি তোলে ভাটৌকেইটাই । সেয়েহে আটাইকেইটা ভাটৌক ভাষা শিক্ষাৰ বাবে আন স্থানলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হৈছে কৰ্তৃপক্ষই । বেয়া কথা ক’বলৈ এৰি ভাল কথা ক’বলৈ নোলোৱা পৰ্যন্ত ভাটৌকেইটাক ‘কোৱাৰেন্টাইন’ত ৰখা হ’ব ।

ADVERTISEMENT

অৱশ্যে ভাটৌকেইটাই কেনে ধৰণৰ বেয়া কথা কয় সেই বিষয়ত চিৰিয়াখানা কৰ্তৃপক্ষৰ পৰা এতিয়াও স্পষ্টকৈ একো জনোৱা নাই ।প্ৰতিটো ভাটৌক পৃথক পৃথক কৰা হৈছে ।যাতে বেয়া কথাবিলাক পাহৰি ভদ্ৰ তথা সভ্য হ’ব পাৰে ।পাঁচজনকৈ পৃথক লোকে ভাটৌকেইটাক সংশোধন কৰিব ।

Exit mobile version