যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত অনুৰাগ কাশ্যপক মুম্বাইৰ আৰক্ষীৰ সোধ-পোছ

158565e3 05d6 4428 854d 6b4d710912cb

যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত ছবি পৰিচালক তথা অভিনেতা অনুৰাগ কাশ্যপৰ মুম্বাইৰ এখন বিশেষ থানাত সোধ পোছ অব্যাহত আছে ৷এক বিশেষ সূত্ৰৰ মতে অনুৰাগক কাশ্যপক আজি গ্ৰেপ্তাৰ কৰিবও পাৰে। আনহাতে অনুৰাগক চমন জাৰি কৰাৰ সময়ত আৰক্ষীয়ে তেওঁক বিনা অনুমতিত মুম্বাইৰ পৰা বাহিৰলৈ নাযাবলৈ কৈছিল।

বিগত দিনত অভিনেত্ৰী পায়েল ঘোষে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ কৰি এজাহাৰ দাখিল কৰিছিল ।অনুৰাগ কাশ্যপক সোধপোছৰ সময়ত পায়েল ঘোষক স্বাস্থ্য পৰীক্ষাৰ কাৰণে কুপৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

আনহাতে অনুৰাগৰ বিৰুদ্ধে চাৰিটা ধাৰাত এজাহাৰ দাখিল কৰা আছে। ধাৰা ৩৭৬ ৰ অনুসৰি ধৰ্ষণৰ অভিযোগ,৩৫৪ ৰ অনুসৰি মহিলাৰ মৰ্যাদা হানি কৰাৰ কাৰণে কৰা জোৰজবৰদস্তি,৩৪১ৰ অনুসৰি কোনো মহিলাক অশ্লীলতাৰে ব্যৱহাৰ কৰা,৩৪২ৰ অনুসৰি কোনো মহিলাক ৰক্ষিতা কৰা আদি ।ইয়াৰ ভিতৰত ৩৭৬ত কোনো জামিন নাই ।গতিকে সোধ পোছৰ অন্তত অনুৰাগক গ্ৰেপ্তাৰ কৰাৰ আশংকা ঘনীভূত হৈছে।

ইপিনে মুম্বাই আৰক্ষীৰ চমনত পায়েল ঘোষে টুইট কৰে ” অনুৰাগ কাশ্যপক চমন আৰু বীৰ্ছোৱা থানালৈ সোধপোছৰ কাৰণে মতাৰ কাৰণে ধন্যবাদ। আশা কৰিছো ন্যায় পাম ৷”

আনহাতে বিগত দিনত পায়েলে ৰাজ্যপাল ভগৎ সিঙকো সাক্ষাৎ কৰে ৷আৰু অভিনেত্ৰীগৰাকীেয়ে নিজৰ প্ৰাণ বিপদত আছে বুলি মন্তব্য কৰে ৷ৰাজভনৰ ওলাই আহি পায়েলে কয় যে ধৰ্ষণকাৰী বাহিৰত মুকলিকৈ ঘূৰি ফুৰিছে সেয়ে মোক সুৰক্ষা লাগে৷

পায়েলে লগতে কয় যে যদি অনুৰাগ কাশ্যপক গ্ৰেপ্তাৰ কৰা নহয় তেন্তে তেওঁ হৰতাল কৰিব ৷ইয়াৰ এদিন পাছতে আৰক্ষীয়ে অনুৰাগ কাশ্যপলৈ চমন জাৰি কৰে ।

Exit mobile version