আর্মেনিয়া-আজাৰবাইজানৰ মাজত তুমুল যুদ্ধ অব্যাহত, হ’ব পাৰে তৃতীয় বিশ্বযুদ্ধৰ সূত্ৰপাত

AP20273607030692

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে বিতর্কিত নাগ’ৰনাে-কাৰাবাখ অঞ্চলক লৈ আর্মেনিয়া আৰু আজাৰবাইজানৰ মাজত ভয়ংকৰ যুদ্ধ অব্যাহত আছে। এই যুদ্ধত আর্মেনিয়াৰ বিৰুদ্ধে আজাৰবাইজানৰ পক্ষত পাকিস্তান সেনাই যুঁজ কৰা বুলি এক বাতৰি শেহতীয়াভাৱে প্ৰচাৰিত হৈছে। পাকিস্তানে আজাৰবাইজানৰ পক্ষত এই যুদ্ধত প্রৱেশ কৰাৰ বাতৰি পােহৰলৈ অহাৰ পাছত আর্মেনিয়া-আজাৰবাইজানৰ এই যুঁজ তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি নেকি বুলি প্রশ্ন উত্থাপিত হৈছে ।

ADVERTISEMENT

আল আৰাবিয়াহ অনলাইনত প্রকাশিত এক প্রতিবেদনত দাবী কৰা মতে, আর্মেনিয়াৰ বিৰুদ্ধে যুঁজিবলৈ আজাৰবাইজানক ইজৰাইলে অস্ত্ৰৰ যােগান ধৰিছে। আর্মেনিয়া আৰু আজাৰবাইজান উভয় পক্ষই বিদেশী সৈনিক ভাড়ালৈ লােৱাৰ অভিযােগো উত্থাপিত হৈছে । ইফালে, তুৰস্কই আজাৰবাইজানৰ সমর্থনত থিয় দি কৈছে যে এই অঞ্চলত শান্তি প্রধান বাধা হৈছে আর্মেনিয়া। তুৰস্কই ছিৰিয়াৰ পৰা উভতি অহা সেনা আজাৰবাইজানলৈ প্রেৰণৰ প্রস্তাৱাে আগবঢ়াইছে। আনহাতে, আর্মেনিয়াত ৰাছিয়াৰ সেনাৰ একাধিক ঘাটি আছে ।

আর্মেনিয়াৰ হৈ যুঁজৰ বাবে সেনা প্রেৰণৰ অভিযােগ ৰাছিয়াৰ বিৰুদ্ধেও উত্থাপিত হৈছিল। ১৯৯১ত তদানীন্তন ছোভিয়েট ৰাছিয়া ভংগ হৈ দুই দেশ স্বাধীন হৈছিল আৰু আজাৰবাইজনৰ কম শক্তিশালী সেনাবাহিনীৰ বিৰুদ্ধে ৰাছিয়াৰ পৃষ্ঠপােষকতাত আর্মেনিয়া শক্তিশালী হৈ উঠে আৰু লাহে লাহে বিতর্কিত নাগ’ৰ’নাে-কাৰাবাখ অঞ্চলৰ বিশাল অংশ দখল কৰিছিল। ইয়াকে লৈ বিগত কে’বা দশক ধৰি দুই প্রতিবেশী ৰাষ্ট্র আর্মেনিয়া- আজাৰবাইজানৰ সংঘাত অব্যাহত আছে ।

শেহতীয়াভাৱে উভয় ৰাষ্ট্ৰই পৰস্পৰক অহৰহ বােমা, ৰকেট, গুলি আদিৰে আক্ৰমণ অব্যাহত ৰাখিছে। আর্মেনিয়া আৰু আজাৰবাইজানৰ মাজত পূর্বেও বহুবাৰ যুদ্ধ হৈছিল। কিন্তু এইবাৰৰ যুঁজত ৰাছিয়া, তুৰস্ক, ইজৰাইল, পাকিস্তান আদিৰ সক্রিয় ভূমিকাৰ প্রতি লক্ষ্য ৰাখি এই সংঘর্ষই তৃতীয় বিশ্বযুদ্ধৰ সূত্রপাত ঘটাব পাৰে বুলি কূটনৈতিক বিশেষজ্ঞসকলে শংকা প্ৰকাশ কৰিছে।

Exit mobile version