চিৰাঙৰ প্ৰতিটো পৰিষদীয় সমষ্টিত বিটিচি নিৰ্বাচনৰ দাবীত বিপিএফৰ চাৰিঘন্টীয়া অনশন

WhatsApp Image 2020 10 02 at 5.52.49 PM

বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলে আজি চিৰাং জিলাৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে চাৰি ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে । জিলা সদৰ কাজলগাঁওৰ অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বিপিএফৰ মহিলা কোষৰ সভানেত্ৰী সুপ্ৰীয়া ৰাণী ব্ৰহ্মই কয় যে অসম চৰকাৰৰ মিত্ৰজোটত থকাৰ পিচতো বিজেপি দলে আজি আমি গান্ধী জয়ন্তীৰ দিনা বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত অনশনত বহিব লগীয়া হৈছে । আমাৰ মিত্ৰতাৰ মাজত আন্তৰিকতা নোহোৱা হৈছে । এয়া অতিকৈ দুৰ্ভাগ্যজনক কথা । বিজেপিৰ বিপিএফৰ স’তে মিত্ৰতা থকাৰ পিচতো ইউপিপিএল দলকহে গুৰুত্ব দিছে বুলি কয় সুপ্ৰীয়া ৰাণী ব্ৰহ্মই ।

আনহাতে, বিটিচিত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আজি ষষ্ট দিনাও অব্যাহত আছে বিপিএফৰ প্ৰতিবাদী কাৰ্য্যসূচী । অসম চৰকাৰৰ মিত্ৰ দলটোৱে গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আজি অসম চৰকাৰৰ কাৰ্যৰ বিৰোধিতা কৰিছে । আজি চিৰাঙৰ সাতোটা পৰিষদীয় সমষ্টিত ক্ৰমে ১৩ নং চিৰাং, ১৪ নং চিৰাং দুৱাৰ, ১৫নং কাজলগাঁও,১৬ নং নিচিমা,১৭নং সুবাইঝাৰ,১৮ নং মানাহ সেৰফাং,১৯নং থুৰিবাৰী ত বিপিএফ দলৰ পৃথক পৃথক ব্লক কমিটী সমূহে এই দৰেই আজি অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰে ।

Exit mobile version