পেছোৱাৰত থকা ৰাজ কাপুৰ আৰু দিলীপ কুমাৰৰ পৈত্রিক গৃহ ক্ৰয় কৰিব পাক চৰকাৰে

Raj Kapoor birth place burhan

বলিউডৰ দুই কিংবদন্তি অভিনেতা ৰাজ কাপুৰ আৰু দিলীপ কুমাৰৰ ঐতিহাসিক পৈত্রিক গৃহ ক্ৰয় কৰিবলৈ আগবাঢ়িছে পাকিস্তান চৰকাৰে । দেশ বিভাজনৰ স্মৃতি লৈ পেছোৱাৰৰ প্ৰাণকেন্দ্ৰ কিপ্না ঘোয়ানি বজাৰ অঞ্চলত এতিয়াও মূৰ দাঙি আছে শতিকা পুৰণি ‘কাপুৰ হাভেলি’ । ৰাজ কাপুৰ আৰু খুৰাক ত্ৰিলোক কাপুৰৰ জন্ম কাপুৰ হাভেলিতে হৈছিল।কাপুৰ হাভেলিৰ পৰা কিছু দূৰতেই আছে দিলীপ কুমাৰৰ পৈত্রিক বাসগৃহ ।

স্থানীয় প্ৰত্নতাত্ত্বিক বিভাগৰ দ্বাৰা দুয়োটা গৃহৰ ৰক্ষণা-বেক্ষণৰ ব্যৱস্থা কৰা হৈছে যদিও মালিকী স্বত্ব এতিয়াও চৰকাৰৰ হাতলৈ আহিবলৈ বাকী আছে ।ঐতিহাসিক গুৰুত্বৰ কথা চিন্তা কৰি দুয়োটা গৃহৰ এতিয়া সংৰক্ষন কৰিব প্ৰত্নতাত্ত্বিক বিভাগে ।কাপুৰ হাভেলিৰ বৰ্তমান গৰাকীৰ নাম আলি কদৰ ।

কদৰে কয় যে তেওঁলোকেও গৃহটো ভাঙিব বিচৰা নাই।সেই কাৰণে ইয়াৰ ঐতিহাসিক মহত্ব অব্যাহত ৰাখিব পৰাকৈ প্ৰত্নতাত্ত্বিক বিভাগৰে একাধিক চুক্তিও সম্পন্ন কৰা হৈছে।আলি কদৰে গৃহটোৰ বাবে পাকিস্তানী মুদ্ৰাত ২০০ কোটি টকা দাবী কৰিছে ।অৱশ্যে চৰকাৰে গৃহ দুটাৰ বাবে কিমান ধন ব্যয় কৰিব সেই সন্দৰ্ভত এতিয়ালৈ কোনো কথা ৰাজহুৱা কৰা নাই ।

Exit mobile version