প্ৰশ্ন কাকত ফাদিলৰ নায়ক ক’ত?

WhatsApp Image 2020 10 02 at 10.33.35 AM

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদত নিযুক্তিৰ বাবে আয়ােজিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকা মূল অভিযুক্তক গ্রেপ্তাৰ বাদেই, সুদীর্ঘ ১১ দিন উকলি যােৱাৰ পাছতাে সংশ্লিষ্টসকলৰ শুংসুত্রই উলিয়াব পৰা নাই ৰাজ্য চৰকাৰৰ ‘স্মার্ট’ আৰক্ষীয়ে। ফলত এই পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনা সম্পর্কত ৰুজু হৈ থকা ২১/২০২০ নম্বৰ গােচৰৰ তদন্ত প্রক্রিয়া এক নির্দিষ্ট পর্যায়তে স্তব্ধ হােৱাৰ আশংকা ঘনীভূত হৈছে। এই সম্পর্কত ইতিমধ্যে প্রয়ােজনীয় সকলাে ধৰণৰ ৰণকৌশলাে সাজু হৈ উঠিছে ।

গৃহ বিভাগৰ এক সূত্রই এই কথা সদৰী কৰি জনােৱা মতে, এই আই পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ ৰাজ্যত সৃষ্টি কৰা জোঁকাৰণি আজিও অব্যাহত আছে। ইয়াৰ প্ৰভাৱত যাতে এক পৃষ্ঠাৰ পৰা বিধানসভাৰ আসন্ন নির্বাচনত শাসকীয় বিজেপিয়ে যাতে শ’লঠেকত পৰিবলগীয়া নহয়, তাৰ প্রতি লক্ষ্য ৰাখিয়ে ইতিমধ্যে এই কেলেংকাৰিত নাম সাঙোৰ খাই পৰা বিজেপি নেতা দ্বিবন ডেকাক প্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

অৱশ্যে প্রশ্নকাকত ফাদিল সম্পর্কত ৰুজু হৈ থকা গােচৰৰ পৰিৱর্তে আন এক গােচৰতহে অভিযুক্ত দ্বিবন ডেকাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে যদিও প্রশ্নকাকত ফাদিল সম্পর্কীয় গােচৰৰ অন্যতম অভিযুক্ত প্রাক্তন ডি আই জি প্রশান্ত কুমাৰ দত্তৰাে আজি পর্যন্ত কোনাে শুংসূত্র উলিয়াব পৰা নাই চি আই ডিকে ধৰি তদন্তকাৰী সংস্থাসমূহে। স্বয়ং প্রাক্তন আৰক্ষী বিষয়াৰে শুংসূত্র উলিয়াব নােৱৰা স্মার্ট আৰক্ষীয়ে প্রশ্নকাকত ফাদিল সম্পর্কত ৰুজু হৈ থকা গােচৰৰ তদন্ত প্রক্রিয়া কিমান আগুৱাই নিবলৈ সক্ষম হ’ব সেয়া সহজেই অনুমেয় বুলিও সূত্ৰটোৱে কয়।

কিহৰ বাবে এই আশংকা ?

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ বাবে নিযুক্তি ব’র্ডে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হােৱাৰ ঘটনাৰ সুদীর্ঘ ১১ দিন উকলি যােৱাৰ পাছতাে চি আই ডিয়ে সমগ্র ঘটনাৰ মূল অভিযুক্তৰূপে চিহ্নিত হােৱাসকলক গ্রেপ্তাৰ কৰাটো দূৰৈৰে কথা অন্যতম অভিযুক্ত প্রাক্তন ডি আই জি পি কে দত্তৰে শুংসূত্র উলিয়াব পৰা নাই। অথচ সমগ্র প্রক্রিয়াৰ লগত পি কে দত্ত জড়িত থকাৰ কথা ইতিমধ্যে জেৰাত স্বীকাৰ কৰিছে অন্যতম চাকৰি প্রত্যাশী হীৰকজ্যোতি বৰুৱাকে ধৰি প্ৰাক্তন ডি আই জিৰ সহযােগীসকলে। তৎসত্ত্বেও চি আই ডিয়ে অভিযুক্ত দত্তৰ কাষেই চাপিব পৰা নাই বর্তমানেও।

ইয়াৰ অজুহাততে প্রশ্নকাকত ফাদিলৰ মূল উৎসৰ কোনাে তথ্য আহৰণ কৰিবলৈ সক্ষম হােৱা নাই বুলি চি আই ডিয়ে প্রকাশ কৰি আহিছে। ফলত সমগ্ৰ ঘটনাৰ তদন্ত প্রক্রিয়া পি কে দত্ত পর্যায়তে সীমাবদ্ধ থকাৰ সম্ভাৱনা প্ৰৱল বুলি সূত্ৰটোৱে জনায়। এই সম্পর্কত সূত্ৰটোৱে জনােৱা মতে, প্রশ্নকাকত ফাদিলৰ গােচৰত গ্রেপ্তাৰ হােৱা প্ৰথমজন অভিযুক্ত হীৰকজ্যোতি ৰৱাৰ ম’বাইললৈ প্রাক্তন ডি আই জি দত্তই পৰীক্ষাৰ পূর্বে হােৱাটছএপৰ জৰিয়তে প্রশ্নকাকত প্ৰেৰণ কৰে। এই কথা স্বীকাৰ কৰাৰ পাছতে ধৃত হীৰকে ব্যৱহাৰ কৰা ম’বাইল হেণ্ডছেটটো জব্দ কৰে চি আই ডিয়ে ।

অৱশ্যে পলাতক ডি আই জিয়ে পৰীক্ষাৰ পূর্বে প্রশ্নকাকত কাৰ পৰা কেনেকৈ পালে সেই সম্পর্কত চি আই ডিয়ে আজি পর্যন্ত কোনাে তথ্য উদ্ধাৰ কৰিব পৰা নাই; কিন্তু হােৱাটছএপৰ জৰিয়তে উপ-পৰিদৰ্শক পদৰ অন্যতম প্রার্থী হীৰকজ্যোতিৰ ম’বাইললৈ প্রশ্নকাকত প্ৰেৰণ সম্পর্কীয় অভিযােগক অধিক প্রাধান্য দি চি আই ডিয়ে পি কে দত্তৰ সহযােগী লগতে উৎকোচ আদায় দি পৰীক্ষাৰ পূর্বে প্রশ্নকাকত সংগ্রহ কৰা নিবনুৱা যুৱক- যুৱতীসকলৰ সন্ধান তীব্রতৰ কৰি তুলিছে অভিযান । ফলত এটা নির্দিষ্ট পর্যায়ত স্বাভাৱিকভাৱে সমগ্ৰ ঘটনাৰ তদন্ত প্রক্রিয়া স্তব্ধ হৈ পৰাটো নিশ্চিত বুলি সূত্ৰটোৱে কয় ।

লগতে মহানগৰ আৰক্ষীৰ জালত পৰা বিজেপি নেতা দ্বিবন ডেকাই প্রাক্তন ডি আই জি দত্তৰ উপৰি আন কে’বাজনাে প্রভাৱশালী ব্যক্তি এই ঘটনাত জড়িত থকাৰ কথা ফেচবুকৰ জৰিয়তে আপডেট দিয়ে। কুখ্যাত প্রাক্তন আৰক্ষী বিষয়া পি কে দত্ত সংশ্লিষ্ট গােচৰৰ মূল অভিযুক্ত হিচাপে প্রতিপন্ন কৰাৰ বাবে তদন্তকাৰী সংস্থাসমূহে ওপৰ মহলৰ নিৰ্দেশত প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰা বুলি সূত্ৰটোৱে জনায় ।

ফলত প্রশ্নকাকত ফাদিলৰ প্রকৃত উৎসৰ তথ্য পােহৰলৈ নহাকৈয়ে তদন্ত প্রক্রিয়া সম্পন্ন হােৱাৰ সম্ভাৱনা প্ৰবল বুলি সূত্ৰটোৱে উল্লেখ কৰে। মূল চক্রান্তকাৰীসকল অতি প্ৰভাৱশালী হােৱা হেতুকেই যে তেওঁলােকক সুৰক্ষা প্রদানৰ বাবে কৌশলৰে প্রচেষ্টা চলােৱা হৈছে সেয়া ইতিমধ্যে স্পষ্ট হৈছে। অৱশ্যে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ মূৰত মাধমাৰ শােধােৱা এই কেলেংকাৰিৰ মূল চক্রান্তকাৰীসকল ধৰা নপৰালৈকে অসমৰ ৰাইজ ক্ষান্ত হােৱাৰ সম্ভাৱনা ক্ষীণ।

Exit mobile version