বঙাইগাঁওত উত্তৰপ্ৰদেশৰ হাথৰছৰ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ

WhatsApp Image 2020 10 02 at 5.52.41 PM

বঙাইগাঁও জিলাৰ বৰপাৰাত সচেতন যুৱ সমাজ তথা বামপন্থী ছাত্ৰ সংগঠন এছ এফ আইৰ উদ‍্যোগত ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব‍্যস্ত কৰে । ধৰ্ষণ অধ‍্যুষিত দেশত পৰিণত হৈছে ভাৰতবৰ্ষ । যোৱা ৮ বছৰত ৩১ শতাংশ বৃদ্ধি ধৰ্ষণৰ ঘটনা । প্ৰতি ১৫ মিনিটত এজনকৈ নাৰী ধৰ্ষিতা হয় ভাৰতত। কেইদিনমান পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হোৱা নাৰকীয় তথা পৈশাচিক ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আৰু ধৰ্ষিতাক ন‍্যায় দিয়াৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় ।

যি বিজেপি চৰকাৰে ‘বেটি বচাও বেটি পঢ়াও’ শ্লোগান দিয়ে সেই চৰকাই ধৰ্ষিতা নাৰীক নিশাৰ অন্ধকাৰত পৰিয়ালক নজনোৱাকৈ সৎকাৰ কৰি সকলো প্ৰমাণ নষ্ট কৰে বুলি কয় প্ৰতিবাদী সকলে। এছ এফ আই নেতা সৌমেন দেই নেতৃত্ব দিয়া প্ৰতিবাদী কাৰ্য‍্যসূচিত বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি উত্তৰ প্ৰদেশৰ মুখ‍্যমন্ত্ৰী যোগীআদিত‍্য নাথৰ পদত‍্যাগৰ দাবী জনায়।  সমগ্ৰ ভাৰতবৰ্ষ কপাই গৈছে শেহতীয়াকৈ উত্তৰ প্ৰদেশত হোৱা সংঘটিত হোৱা কে’বাটাও ধৰ্ষণ কাণ্ডই । সমগ্ৰ ভাৰতত শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়তে ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে বুলি কয় সংগঠনটোৱে ।

Exit mobile version