কৃষক মুক্তিয়ে ‘ৰাইজৰ দল’ নামেৰে নতুন দল গঠন কৰাৰ পিচতে এইদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হল বঙাইগাঁওত । বঙাইগাঁও জিলা কৃষক মুক্তিৰ কৰ্মকৰ্তা সকলে ৰঙেৰে আৱতৰীয়া হোলি তথা ফটকা আদি ফুটাই ব্যাপক আনন্দ কৰা পৰিলক্ষিত হয় । বঙাইগাঁও জিলা সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিধৰ ৰায়, সাধাৰণ সম্পাদক নন্দন দেৱনাথ সহ বহু সংখ্যক লোক ওলাই আহি বঙাইগাঁও সদৰ চহৰৰ মাজ মজিয়াত আনন্দ উল্লাস কৰে। বঙাইগাঁওত বিগত ৭ টা কাৰ্যাকালৰ পৰা অগপ দলৰ বিধায়ক তথা ফণীভূষণ চৌধুৰীৰ প্ৰত্যাহ্বান ৰূপে থিয় দিব ৰাইজৰ দলে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বলিষ্ঠ স্থিতি আছে বঙাইগাঁও জিলাৰ কৃষকৰ মাজত ।
বঙাইগাঁওত ঢোলে-ডগৰে আদৰণি কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল ‘ৰাইজৰ দল’ক
-
By publisher

- Categories: Assam, News
- Tags: AssamBongaigaonKMSS
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025