ৰাহুল গান্ধীৰ পাছত এইবাৰ তৃণমুল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ ব্ৰায়নৰ ওপৰত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ নিৰ্যাতন । প্ৰায় দুসপ্তাহৰ আগতে উত্তৰ প্ৰদেশৰ হাথৰছত ২০ বছৰীয়া যুৱতী ধৰ্ষণৰ ঘটনাৰ খবৰ ল’বলৈ নেতাগৰাকী গাওঁত উপস্থিত হ’বলৈ চেষ্টা কৰোতেই বাধা আৰোপ কৰে আৰক্ষীয়ে ।
#WATCH: TMC delegation being roughed up by Uttar Pradesh Police at #Hathras border. The delegation, including Derek O'Brien, was on the way to meet the family of the victim of Hathras incident. pic.twitter.com/94QcSMiB2k
— ANI (@ANI) October 2, 2020
৩২ চেকেণ্ডৰ এটা ভিডিঅ’ত বগা চাৰ্ট আৰু হেলমেট পৰিহিত এজন লোকে তৃণমূল কংগ্ৰেছৰ সাংসদ প্ৰতিমা মণ্ডলক গাঁৱত প্ৰৱেশ কৰিবলৈ বাধা আৰোপ কৰিছিল । ডেৰেক অ’ব্ৰায়নে প্ৰতিমা মণ্ডলক বচাবলৈ দৌৰি আহোতেই উক্ত লোকজনে তেওঁক মাটিত বাগৰাই দিয়ে । আৰক্ষীয়ে অন্য সাংসদসকলকো ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে, মঙলবাৰে দিল্লীৰ চিকিৎসালয়ত যুৱতী গৰাকীৰ মৃত্যুৰ পাছত সমগ্র দেশজুৰি চাঞ্চল্য অব্যাহত আছে। আনহাতে, কালি সংঘটিত হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত মহামাৰী আইনৰ অধীনত বিশাল গণসমাৱেশৰ নিষেধাজ্ঞা উলংঘন কৰাৰ অভিযোগত প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীক আটক কৰে ।