কৰ’না প্ৰতিষেধকৰ বাবে হত্যা কৰা হ’ব পাঁচ লাখৰো অধিক হাংগৰক

Hangar

কৰ’না প্ৰতিষেধকৰ নামত বিশ্বত কমেও পাঁচ লাখ হাংগৰে আত্ম বলিদান দিব লাগিব।যিকোনো উপায়ে কৰ’নাৰ পৰা জীৱন ৰক্ষা কৰিবলৈ বিশ্বৰ অগ্ৰণী দেশবিলাকে দিন -ৰাতি এক কৰি প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ উঠি পৰি লাগিছে।সৰহ সংখ্যক প্ৰতিষেধক প্ৰস্তুতিৰ বাবে কৰা গৱেষণাতে এজুভান্ট ‘ৰ প্ৰয়োজন হৈছে।এজুভান্ট এটি ‘ফাৰ্মাক’লজিকেল’ এজেন্ট ।

ই ভাইৰাছৰ বিৰুদ্ধে প্ৰতিষেধকত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে ।এই উপাদান লাভ কৰিব পাৰি একমাত্ৰ হাংগৰৰ যকৃতৰ পৰা ।প্ৰতিষেধকৰ পৰা দ্ৰুত আৰু কাৰ্যকৰী প্ৰভাৱ লাভ কৰিবলৈ এই উপাদান অতিকৈ জৰুৰী । সেয়েহে ব্যাপক সংখ্যক চলি থকা গৱেষণাৰ বাবে হাংগৰ হত্যা কৰাটোও প্ৰয়োজনীয় হৈ পৰিছে ।এনে পৰিপ্ৰেক্ষিতত মানুহৰ জীৱনৰ বাবে লাখ লাখ হাংগৰৰ প্ৰাণ যোৱাটোও নিশ্চিত হৈ পৰিছে।হাংগৰ হত্যাক লৈ সামুদ্ৰিক প্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰি অহা এটি সংগঠনে ইতিমধ্যে চিন্তা প্ৰকাশ কৰিছে ।

কিয়নো সকলো ধৰণৰ প্ৰতিষেধকতে বিভিন্ন এজুভান্টৰ প্ৰয়োজন হয় ।জ্বৰ-পানী লগাৰ দৰে ভাইৰাছৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰস্তুতিত প্ৰয়োজন হয় ‘স্কুইলিন অইল ‘ৰ ।স্কুইলিন অইল হাংগৰৰ বাহিৰেও আৰু বহু জীৱ-জন্তুৰ যকৃতত থাকে ।কিন্তু অধিক সংখ্যক গৱেষণাতে সম্প্ৰতি হাংগৰৰ যকৃতৰ তেলহে ব্যৱহাৰ কৰি থকা হৈছে। সামুদ্ৰিক প্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰি অহা সংগঠনে দাবী কৰা অনুসৰি বিভিন্ন বৃক্ষৰ পৰাও স্কুইলিন অইল উলিয়াই ল’ব পাৰি ।এনে সংগঠনে হাংগৰ হত্যা কৰাতকৈ বৃক্ষৰ পৰা এই তেল উলিয়াই ল’বলৈকো দাবী জনায় ।

Exit mobile version